নগাঁওঃ নিবনুৱা যুৱকক ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপনৰ নামত বুজন পৰিমাণৰ ধন লৈ চূড়ান্ত প্ৰতাৰণাৰ আশ্ৰয় লোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে নগাঁৱৰ এজন প্ৰাক্তন আলফা নেতাৰ বিৰুদ্ধে৷ আনকি ব্যৱসায়িক প্ৰতিষ্ঠানৰ মাটি দিব নোৱাৰি যুৱকজনৰ পৰা লোৱা ধন পুনৰ যুৱকজনক ঘূৰাই দিয়াৰ নামত মিথ্যাচাৰী নেতাজনে দিয়া চেকো বাউন্স হয় ৷
বিগত বিধানসভা নিৰ্বাচনত জাগীৰোড সমষ্টিৰ পৰা এ আই ইউ ডি এফৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াই পৰাজয় বৰণ কৰা এই নেতাজনৰ নাম হৈছে পুতুল চন্দ্ৰ দাস ৷ জানিব পৰা মতে, প্ৰাক্তন আলফা নেতা পুতুল চন্দ্ৰ দাসে নগাঁও চহৰৰ মাৰোৱাৰী পট্টিত থকা তেওঁৰ মাটিত ব্যৱসায়িক প্ৰতিষ্ঠান খুলিবৰ বাবে অনুমতি প্ৰদানৰ নামত বৰবজাৰৰ ইমৰাণ হুছেইন নামৰ নিবনুৱা যুৱক এজনৰ পৰা ডেৰ লাখ টকা নিৰাপত্তাৰ ধন হিচাপে লৈছিল।
কিন্তু বহুদিন পাৰ হোৱাৰ পিছতো ব্যৱসায়িক প্ৰতিষ্ঠান খুলিবৰ বাবে স্থান নিদিয়াত যুৱকজনে টকাখিনি ঘূৰাই বিচৰাত প্ৰাক্তন আলফা নেতা দাসে ২০১৬ চনৰ ৭ আগষ্টত যুৱকজনক ডেৰ লাখ টকাৰ এখন চেক প্ৰদান কৰে ৷ নগাঁও চহৰৰ মাৰোৱাৰী পট্টিৰ হিউজ ৰোডত থকা ইউকো বেংকৰ নামত ১৩৩৬০১১০০২৭১৪১ নম্বৰৰ বেংক একাউন্টৰ বিপৰীতে দিয়া চেকখনৰ নম্বৰ হৈছে ৪৬৩২০২ ৷
ইফালে,যুৱকজনে পিছদিনাই বেংকত চেকখন ভঙাবলৈ যাঁওতেহে ওলাই পৰে পুতুল চন্দ্ৰ দাসৰ ভণ্ডামিৰ কথা৷ কাৰণ বেংক কৰ্তৃপক্ষই একাউন্টটো পৰীক্ষা কৰি যুৱকজনক জনায় যে পুতুল চন্দ্ৰ দাসে চেকত উল্লেখ কৰা পৰিমাণৰ ধন উক্ত একাউন্টত নাই ৷
পৰৱৰ্তী সময়ত উপায়হীন হৈ নিবনুৱা যুবকজনে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত প্ৰাক্তন আলফা নেতা পুতুল চন্দ্ৰ দাসৰ বিৰুদ্ধে নগাঁও মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এন আই আইন ১৮৮৯ ৰ অধীনত এটা গোচৰ তৰে৷ বৰ্তমান আদালতত গোচৰটো বিচাৰাধীন হৈ আছে। ইতিমধ্যে গোচৰটোৰ শুনানি তথা সাক্ষাৎ গ্ৰহণৰ তিনিটা তাৰিখ ক্ৰমে যোৱা ১৮ জানুৱাৰী,১৮ ফেব্ৰুৱাৰী আৰু ২৩ মাৰ্চত অভিযুক্ত পুতুল চন্দ্ৰ দাস আদালতত উপস্থিত নহ’ল।
যাৰ ফলত যোৱা ২৪ এপ্ৰিলত নগাঁও মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ নোহোৱাৰ বাবে প্ৰাক্তন আলফা নেতা গৰাকীলৈ চমন জাৰি কৰিছে বুলি জানিব পৰা গৈছে ৷ এতিয়া প্ৰাক্তন আলফা নেতা তথা এ আই ইউ ডি এফৰ নেতা পুতুল চন্দ্ৰ দাসৰ বিৰুদ্ধে আদালতে পৰৱৰ্তী পৰ্যায়ত কি ব্যৱস্থা গ্ৰহণ কৰে তালৈ বাট চাই ৰৈছে ভূক্তভোগী যুৱকজনে।