newsnextone.com | ডিজিটেল ডেস্কঃ মঙলবাৰে দেশবাসীৰ নজৰ আছিল কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফলত৷ কিন্তু হঠাৎ ঘটা এটি অঘটনে সকলো সলনি কৰি পেলালে৷ বাৰাণসীত নিৰ্মীয়মান উৰনীয়া সেঁতু খহি পৰাত ১৮ গৰাকী লোকৰ মৃত্যু হয়৷ যাৰ ফলত উত্তৰ প্ৰদেশ চৰকাৰ প্ৰশ্ন সন্মুখিন হ’ব লগা হৈছে ৰাজ্যৰ জনণনৰ৷ 

ঘটনা সংঘটিত হোৱাৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখলৈ আহি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ঘটনাৰ দুখ ব্যক্ত কৰাৰ লগতে ঘটনাৰ তদন্ত কৰাৰ কথা ঘোষণা কৰে৷ লগে লগে তিনিজনীয়া তদন্ত সমিতি গঠন কৰাৰ লগতে এই সমিতিয়ে ২৪ ঘণ্টাৰ ভিতৰত ৰিপৰ্ট দিব লাগিব মুখ্যমন্ত্ৰীক৷ 

দুৰ্ঘটনাৰ সবিশেষ পঢ়িবলৈ তলৰ লিংকটো ক্লিক কৰকঃ

https://newsnextone.com/baranasi-fly-over-collapse-18-dead-several-trapped

ঘটনাত মৃত্যুক আকেেৱালি লোৱা পৰিয়ালক ৫ লাখ আৰু আহতক ২ লাখকৈ দিয়াৰ কথা ঘোষণা কৰে৷ মঙলবাৰে বাৰাণসীৰ কেণ্টনমেণ্ট ৰেল ষ্টেচনৰ সমীপত নিৰ্মাণ কৰি থকা এখন উৰণীয়া সেঁতু ভাঙি পৰে৷ লগে লগে ১৮ গৰাকী লোকৰ মৃত্যু হয়৷ আৰু লোকৰ মৃত্যু হ’ব পাৰে বুলি আশংকা কৰা হৈছে৷ এতিয়ালৈ সকলো লোকক উদ্ধাৰ কৰিব পৰা নাই এনডিআৰএফে৷ এতিয়ালৈ তিনিজন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে৷