ডিফুঃ বুদ্ধগয়াত থকা বৌদ্ধ সকলৰ ধ্যান কেন্দ্ৰত শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা প্ৰায় ১৫ গৰাকীকৈ শিশু ছাত্ৰ যৌন নিৰ্যাতনৰ বলি হোৱা বুলি এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷

কাৰ্বি আংলং জিলা আৰক্ষীৰ এক শীৰ্ষ সূত্ৰে জানিব পৰা মতে, যোৱা ২৯ আগষ্টত কাৰ্বি আংলং জিলাৰ বৰলাংফাৰ থানা এলেকাধীন চাক্ মা বস্তীৰ গাওঁবুঢ়া অৰুণ বিকাশ চাক্ মাই বুদ্ধগয়া আৰক্ষী থানাত তেওঁৰ এলেকাৰ শিশু পুৰুষ শিক্ষাৰ্থী সকলক বৌদ্ধ গয়াৰ প্ৰসন্নজ্যোতি বৌদ্ধিক বিদ্যালয় নামৰ ধ্যানকেন্দ্ৰটোত যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰি বুদ্ধ গয়া থানাত এজাহাৰ দাখিল কৰে ৷

গাওঁবুঢ়া গৰাকীৰ এজাহাৰৰ ভিত্তিত বুদ্ধগয়া আৰক্ষী থানাত ৫১৫/২০১৮ নম্বৰত ভা:দ:বি: আইনৰ ৩৪১/৩২৩/৩৭৭/৫০৪/৫০৬ ধাৰা আৰু আৰডব্লিউৰ ৪/৬/৮/১০/১২ৰ 'পক্স' আইনৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্তৰ ভাৰ চক্ৰ বিষয়া অৰুণ কুমাৰক প্ৰদান কৰিছে৷

যৌন নিৰ্যাতনৰ বলি হোৱা ১৫ গৰাকীকৈ শিশু শিক্ষাৰ্থী কেইজন কাৰ্বি আংলং জিলাৰ বৰলাংফাৰ থানা এলেকাধীন বিভিন্ন গাঁৱৰ চাক্ মা সম্প্ৰদায়ৰ হয় ৷ যৌন নিৰ্যাতনৰ বলি হোৱা সকল শিশু হোৱাৰ বাবেই নাম প্ৰকাশ কৰিব পৰা নগ'ল৷ বৌদ্ধ গয়াত ধ্যান ধাৰণাৰ শিক্ষা লবলৈ গৈ যৌন নিৰ্যাতনৰ বলি হোৱা কাৰ্য্যই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷