newsnextone.com।বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মছলা পাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক আমছুৰ উদ্যোগত আণ্ডামাৰী কালাইৰ চৰ এম ই মাদ্ৰাছাৰ প্ৰাঙ্গণত ১৫ আগষ্ট উপলক্ষে খেল-ধেমালিকে ধৰি অনুষ্ঠানৰ লগতে বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে মছলাপাৰা আঞ্চলিক আমছুৰ সভাপতি ওমৰ ফাৰুক আহমেদে।

উদ্দেশ্য ব্যাখ্যা কৰে ৱাৰ্ড সদস্য তথা আণ্ডামাৰী কালাইৰ চৰ এম ই মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ সভাপতি ইব্ৰাহীম আলীয়ে। সভাত আমন্ত্ৰিত অতিথি হিচাপে বিলাসীপাৰা জিলা আমছুৰ সভাপতি ফজৰ আলী মণ্ডলে উপস্থিত থাকি ১৫ আগষ্ট উপলক্ষে খেল-ধেমালিৰ লগতে বাল্যবিবাহ, শেহতীয়া এন আৰ চি সম্পৰ্কে বিতং ভাৱে ভাষণ প্ৰদান কৰে। বিলাসীপাৰা জিলা আমছুৰ সাধাৰণ সম্পাদক মজিবৰ ৰহমান আৰু আণ্ডামাৰী কালাইৰ চৰ এম ই মাদ্ৰাছাৰ শিক্ষক সকলে ১৫ আগষ্টৰ খেল ধেমালি উপলক্ষে ভাষণ প্ৰদান কৰে।

উক্ত সভাৰ লগত সংগতি ৰাখি আণ্ডামাৰী অঞ্চলৰ কেইবা গৰাকী ছাত্ৰই আমছুত যোগদান কৰে। ১৫ আগষ্টৰ খেল ধেমালিত বিজয়ী হোৱা ছাত্ৰ-ছাত্ৰীক বঁটা বিতৰণ কৰে বিলাসীপাৰা জিলা আমছুৰ সভাপতি ফজৰ আলী মণ্ডলে। সভাতপাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।