newsnextone.com | লিডুঃ মাৰ্ঘেৰিটা নামদাং কলিয়ৰী অঞ্চলৰ এজন লম্পট যুৱক অজয় তাঁতীয়ে যোৱা দীৰ্ঘদিন ধৰি বিভিন্ন প্ৰলোভনেৰে এগৰাকী ১৫ বছৰীয়া কিশোৰীক যৌন কাৰ্যত লিপ্ত হ’বলৈ বাধ্য কৰি আহিছিল৷ যাৰ পৰিনতি স্বৰূপে কিশোৰীগৰাকীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়াত এতিয়া সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে গভীৰ চাঞ্চল্যৰ৷ 

জানিব পৰা মতে, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত নামদাং কলিয়ৰী অঞ্চলত অস্থায়ী ভাৱে বসবাস কৰি অহা এটি অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ১৫ বছৰীয়া কিশোৰীক গাঁওখনৰে বাসিন্দা অজয় তাঁতী নামৰ এজন লম্পট যুৱকে বিভিন্ন প্ৰলোভনেৰে নিজৰ কূ-চৰিতাৰ্থ পূৰনাৰ্থে কিশোৰী গৰাকীক যৌন কাৰ্যত ব্যৱহাৰ কৰি আহিছিল৷ 

অতি পৰিতাৰ কথা যে শিক্ষাৰ পোহৰ নেদেখা তথা মানসিক ভাৱে অপৈনত যুৱতি গৰাকীয়ে লম্পট যুৱক জনৰ প্ৰৰোচনাত ভূল গৈ পৰিয়ালক এই বিষয়ে কোন কথা প্ৰকাশ কৰা নাছিল ৷ যাৰ পৰিনতিত দুদিন পূৰ্বে কিশোৰী গৰাকীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে৷ ইতিমধ্যে ঘটনাটি সমগ্ৰ অঞ্চলটিত বিয়পি পৰাৰ লগে লগে স্থানীয় একাংশ লোকৰ তৎপৰতাত লম্পট যুৱকজনক মাৰ্ঘেৰিটা আৰক্ষী থানাত চমজাই দিয়া হয়৷ 

বৰ্তমান মাৰ্ঘেৰিটা আৰক্ষীয়ে সমগ্ৰ ঘটনাটিৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে যুৱতী গৰাকীক মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে৷