newsnextone.com | বঢ়মপুৰঃ সমগ্ৰ অসম জোকাৰি যোৱা নগাঁও জিলাৰ আমনিৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তক অৱশেষত চামগুৰি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে৷ বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই হোজাইৰ ৰামপুৰ বস্তিৰ পৰা ৰাজেশ ধৰ নামৰ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত যুৱকজনক আটক কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, লম্পট ৰাজেশ ধৰে ডিমাপুৰলৈ পলায়ন কৰাৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ জালত পৰে৷ 

উল্লেখ্য যে, কিছুদিন পূৰ্বে নগাঁও জিলাৰ আমনিত এগৰাকী যুৱতীক ধৰ্ষণ কৰি ৰাজেশ ধৰ সহ তাৰ সহযোগীয়ে এই ঘটনা গাপ দিবলৈ চেষ্টা কৰিছিল যদিও এই কথা ফাদিল হোৱাৰ পিছতে আৰক্ষীয়ে ৰাজেশ ধৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অভিযান আৰম্ভ কৰিছিল৷

আনহাতে ৰাজেশ ধৰ নামৰ লম্পটজন আৰক্ষীৰ জালত পৰাৰ পিছতে ঘটনা সন্দৰ্ভত ন ন চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ আৰক্ষীয়ে ধৃত ৰাজেশৰ সহযোগত ধৰ্ষণ কাণ্ডত জড়িত আন আন সহযোগী কেইজনক বিচাৰি নগাঁৱৰ বিভিন্ন প্ৰান্তত অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷