newsnextone.com।নলবাৰীঃ ৰাজ্যজুৰি ৩৬ ঘন্টীয়া অসম বন্ধৰ সময়ছোৱাত নলবাৰী ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বন্ধ সমৰ্থকে বুধবাৰে পুৱা প্ৰতিবাদ সাব্যস্ত কৰে। আক্ৰাছু,মহিলা সমিতি আৰু চিলাৰায় সেনাই আহ্বান জনোৱা এই বন্ধৰ সময়ত নলবাৰী ঘাই পথত আক্ৰাছুৰ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

বন্ধ সমৰ্থকসকলে আক্ৰাছু জিন্দাবাদ, নো এচ টি,নো ৰেষ্ট, কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰক আদি শ্ল'গান দিয়ে। তেওঁলোকে দাবী কৰি কয় যে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কোচ ৰাজবংশী সকলক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। যদিহে চৰকাৰে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰি পৃথক কমতাপুৰ গঠন নকৰে তেতিয়ালৈ আক্ৰাছুকে ধৰি কোচ ৰাজবংশী সংগঠনসমূহে আন্দোলন কৰি যাব।