newsnextone.com।বিলাসীপাৰাঃ পৰিবৰ্তনৰ শ্ল'গান দি হিমন্তবিশ্ব শৰ্মাই দৰিদ্ৰ জনসাধাৰণৰ চিকিৎসাৰ সুবিধাৰ্থে প্ৰত্যেক পঞ্চায়ততে তথা গাঁওতে উপ-স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰি আহিছে। কিন্তু বহু উপ-স্বাস্থ্য কেন্দ্ৰ এতিয়া শ্মশানত পৰিণত হৈছে।

মন কৰিবলগীয়া যে ধুবুৰী জিলাৰ বিলাসীপাৰা, ৰাণীগঞ্জ স্বাস্থ্য কেন্দ্ৰৰ অধীনত থকা কাজাইকাটা চতুৰ্থ খণ্ড গাঁওৰ  উপ-স্বাস্থ্য কেন্দ্ৰত দুগৰাকী ডাক্টৰৰ  ভিতৰত এগৰাকী আহেজ উদ্দিন মণ্ডল আৰু অন্যগৰাকী ডাক্টৰৰ উপস্থিতি শূণ্য।

এগৰাকী নাৰ্চো উপস্থিত নথকা বুলিও দিনৰ ১০.৩০ বজাত উপস্বাস্থ্য কেন্দ্ৰটোত স্থানীয় সাংবাদিক আলীয়ে প্ৰত্যক্ষ কৰে। কেন্দ্ৰটোত প্ৰত্যক্ষদৰ্শী মতে ১১.০০ মান বজালৈকে এজনো ডাক্টৰ,নাৰ্চৰ উপস্থিত নহয় বুলি সৰ্বজনবিদিত। স্থানীয় ৰাইজৰ অভিযোগ মতে সপ্তাহত ডাক্টৰ,নাৰ্চ দুদিন মানহে উপস্থিত হয় যদিও দুপৰীয়া ১২.০০ মান বজাত।

ইয়াৰ উপৰি  উপ-স্বাস্থ্য কেন্দ্ৰটোত গৰ্ভৱতী মাতৃয়ে মাহেকত প্ৰসৱ নকৰাকৈও অথচ কাগজে-কলমে ভুৱা প্ৰসৱ কৰোৱা দেখুৱাই আছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। এয়াই নেকি হিমন্তবিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগ। এই সন্দৰ্ভত জিলা উপায়ুক্ত তথা চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে সচেতন ৰাইজে।