newsnextone.com।খাৰুপেটীয়াঃ দৰঙৰ খাৰুপেটীয়া মহাবিদ্যালয়ৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন বলোগড়া গাঁৱৰ আলী আকবৰ নামৰ এজন শিক্ষকৰ ঘৰত হঠাৎ এদল আৰক্ষীয়ে অতৰ্কিতে ঘৰত অনাধিকাৰে প্ৰৱেশ কৰি ঘৰৰ আলমিৰা,আচবাব,সা-সামগ্ৰী ইত্যাদি উলিয়াই বাহিৰত ৰাখে।

অভিযোগ মতে কোনো ধৰণৰ জাননী নিদিয়াকৈ দৰঙৰ খাৰুপেটীয়াৰ ইউনিয়ন বেংক কৰ্তৃপক্ষই শিক্ষক আলী আকবৰৰ ঘৰৰ পৰা এনেদৰে বস্তু সামগ্ৰী উলিয়াই নিব খোজাত বেংক কৰ্তৃপক্ষই শিক্ষক জনে বাস কৰি থকা ভুমি খিনিৰ নামত খাৰুপেটীয়াৰ আলিমুদ্দিন  নামৰ লোক এজনে দহ লাখ টকাৰ ঋণ লৈছিল যি সুতে-মূলে বৰ্তমান সোতৰ লাখ টকা হৈছেগৈ।

কিন্তু শিক্ষকজনে নিজৰ নামত মাটিৰ যাবতীয় কাম কৰি অন্য বেংকৰ পৰা ঋণ লৈ গৃহ নিৰ্মাণ কৰি আছে। হঠাতে বেংক কৰ্তৃপক্ষই মূল প্ৰৱঞ্চকৰ বিৰুদ্ধে কোনো ব্যৱস্থা নলৈ শিক্ষকজনৰ ঘৰত এনেদৰে জাননী নিদি বলপূৰ্বকভাবে আৰক্ষীৰ সহায়ত বস্তু সামগ্ৰী আদি লৈ যাবলৈ চেষ্টা কৰা কাৰ্যত হতভম্ব হৈছে পৰিয়াল তথা ৰাইজ। ঘটনাটো সন্দৰ্ভত শিক্ষকজনে প্ৰৱঞ্চক মাটি বিক্ৰেতাৰ বিৰুদ্ধে আইনৰ আশ্ৰয় লব বুলি জানিবলৈ দিয়ে।

ঘটনাৰ সময়ত ৰাষ্ট্ৰীয় পথৰ অজস্ৰ পথচাৰী,স্হানীয় ৰাইজ ভিৰ কৰে আলী আকবৰৰ ঘৰত। ৰাইজে বেংক কৰ্তৃপক্ষৰ এনে কাৰ্য্যত ৰহস্যৰ গোন্ধ পাইছে। আনহাতে ঘটনাটোক লৈ আৰক্ষী,বেংক কৰ্তৃপক্ষৰ এনে কাণ্ডৰ সময়ত তীব্ৰ হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়।