♦ ছা-হা-বা হাৰ্টি

প্ৰেমিক তেওঁ নহয়, যিয়ে মাথোঁ মেখেলা-চাদৰৰ ওপৰৰ পৰা নাৰীৰ উঠন বুকু দেখি চকুৰ ক্ষুধা নিবাৰণ কৰে। প্ৰেমিক তেওঁ হে, যিয়ে মেখেলা চাদৰ পিন্ধাৰ পিছত তাই খোজকঢ়া কষ্টখিনি অনুভৱ কৰিব পাৰি হাতত ধৰি ৰাস্তাটো পাৰ কৰি দিয়ে। তেওঁ বুজি পায় যে কিমান ভালপোৱাৰ বাবে তেওঁৰ প্ৰেয়সীয়ে মেখেলা-চাদৰ আৰু খাৰু পিন্ধিলে, কিমান যত্ন কৰি দুচকুত কাজল আৰু কপালত ফোঁট ল'লে। এইখিনি প্ৰেমিকৰ বাহিৰে কোনেও বুজি পাব নোৱাৰে।

প্ৰেমিক তেওঁ নহয়, যিয়ে তোমাৰ শৰীৰ ভোগ কৰাৰ পিছত তোমাক ব্যৱহাৰ কৰা নেপকিনৰ দৰে পেলাই দি গুচি যাব। প্ৰেমিকতো সেইজন যিয়ে প্ৰেমিকাৰ মুখত ধৰ্ষিতা হোৱাৰ কথা শুনিও তেওঁক এৰি গুচি নাযায়, বৰং শক্তিশালী হৈ কাষত থিয় হ'ব আৰু বুকু পাতি দি যন্ত্ৰণা ভাগ কৰি ল'ব।

তেওঁ কেতিয়াও প্ৰেমিক নহয়, যিয়ে মাথোঁ চহৰৰ আলি-গলিয়ে থকা কিছু বন্ধ কেবিন চিনাকি কৰাই দিব। বৰং প্ৰেমিক সেইজন, যিজনে চহৰৰ নদীৰ পাৰ চিনাব, যিজনে তোমাক শিকাব কেনেকৈ এগৰাকী সাহসী নাৰী হ’ব পাৰি। কেনেকৈ বেলেগৰ আনন্দত আনন্দ পোৱা যায়, বেলেগৰ কষ্টত সমভাগী হোৱা যায়। প্ৰেমিকতো তেওঁ, যিজনে তোমাক শিকাব কেনেকৈ অলপ অলপকৈ উন্নত হ'ব পাৰি।

তেওঁৱেই প্ৰেমিক, যিজনে নেকি এই শিল-ইটাৰ চহৰৰ মাজৰ পৰা তোমাৰ বাবে কাঠগোলাপ আৰু কৃষ্ণচুড়াৰ পথ বিচাৰি উলিয়াই তোমাক লৈ যাব।

প্ৰেমিক তেওঁ নহয়, যাৰ বাবে তুমি পাৰ্লাৰত গৈ মুখত ৰং-চং সানিব লাগিব, কিম্বা দীঘল চুলি চুটি কৰি, কেঁকোৰা চুলি চিধা কৰি চুলিত নানান ৰং সানিব লাগিব। না না না...। প্ৰেমিকবোৰে এইবোৰ নিবিচাৰে। তুমি যেনেকুৱাই নোহোৱা লাগিলে প্ৰেমিকজনে ঠিক তেনেকৈয়ে ভালপাব। যদি তোমাৰ অনেক দীঘল চুলি আছে, প্ৰেমিকজনে তোমাক দীঘল চুলিতেই ভালপাব। প্ৰেমিকৰ চকুত ভাল দেখুৱাবলৈ, সুন্দৰ দেখুৱাবলৈ ৰং-চং সানিব নালাগে। তুমি দেখাত যেনেকুৱাই নোহোৱা কিয় প্ৰেমিকজনে ভাল পাবই।

তোমাৰ প্ৰেমিক তেওঁৱেই যিয়ে কেতিয়াও অন্ধকাৰত অকলে খোজকাঢ়িব নিদিব। তোমাৰ প্ৰেমিক তেওঁৱেই যিয়ে কেতিয়াও তোমাৰ দুৰ্বলতাৰ সুযোগ নল'ব। তোমাৰ প্ৰেমিক তেওঁৱেই যিয়ে কেতিয়াও বন্ধুমহলত আড্ডা দিয়াৰ সময়ত তোমাক আড্ডাৰ বিষয়বস্তু কৰি নুতুলিব। তোমাক দহজনৰ ওচৰত সৰু নকৰিব, তোমাৰ অসুস্থতাত শৰীৰিক আৰু মানসিকভাৱে তোমাৰ লগত সদায় থাকিব। তেওঁৱেই তোমাৰ প্ৰেমিক। যিয়ে তোমাৰ কণ্ঠ শুনি বুজি পাব যে তোমাৰ মন ভাল নহয়, তোমাৰ মুখখন দেখি বুজি পাব যে তুমি হয়তো কোনো কঠিন সময় অতিক্ৰম কৰিছা, তেওঁৱেই তোমাৰ প্ৰেমিক। প্ৰেমিকতো সেইজন পুৰুষ যাৰ চকুত প্ৰেমিকাৰ প্ৰতি সন্মান সদায় ভৰপুৰ হৈ থাকে। প্ৰেমিক হোৱা বহুত কঠিন, সকলো প্ৰেমিক হ'ব নোৱাৰে। সকলো পুৰুষ প্ৰেমিক হ'ব নোৱাৰে।

♦ মূল: তানহা খান