এজন অসমীয়া ডেকা পাইলটৰ সৈতে আমাৰ অসমীয়া  লোকসকলক পৰিচয় কৰাই দিব খুজিছোঁ ৷ নাম তেওঁৰ সমীন চুতীয়া৷ একান্ত আগ্ৰহ আৰু অধ্যৱসায়ৰ যোগেদি গঢ়ি উঠা তেওঁৰ কৰ্মোদ্যম আনৰ বাবে অনুকৰনীয় ৷ উজনি অসমৰ নামৰূপৰ পৰা চৰকাৰী হায়াৰ ছেকেণ্ডেৰী  পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ কেন্দ্ৰীয় চৰকাৰৰ জলপানিলৈ হাৰিয়ানাৰ কৰণালৰ ফ্লায়িং ক্লাবৰ  কমাৰ্চিয়েল পাইলট প্ৰশিক্ষণ কেন্দ্ৰত নাম ভৰ্তি কৰে৷ ২০০৩চনত সুখ্যাতিৰে প্ৰশিক্ষণ সম্পন্ন কৰাৰ পিছত প্ৰায় দুবছৰকাল পোনতে কাণপুৰত, পিছলৈ বাৰামতীত সহকাৰী বিমান  প্ৰশিক্ষক হিচাবে কৰ্মজীৱন আৰম্ভ কৰে৷ বিমান চালনৰ কাৰিকৰী শিক্ষা লৈ থকাৰ মাজতে সমীনে স্নাতক (বি.বি.এ) ডিগ্ৰীও লাভ কৰে৷

নিজে বিচৰামতে জীৱনৰ লক্ষ্য পাইলট হোৱাৰ পিছৰ পৰা সমীনে এদিনো থমকি ৰ'বলগীয়া হোৱা নাই৷ দক্ষিণ আমেৰিকা, কানাডা আৰু অষ্ট্ৰেলিয়াৰ বাহিৰে বিশ্বৰ প্ৰায়বোৰ দেশলৈ তেওঁ বিমান চলাই গৈছে৷ সহকাৰী পাইলটৰ পৰা আৰম্ভ কৰি অভিজ্ঞতাৰ অন্তত তেওঁৰ বৰ্তমানৰ পদবী হৈছে বিমানৰ জ্যেষ্ঠ  কেপ্টেইন৷ বৰ্তমান কাটাৰ এয়াৰবেজৰ তেওঁ এজন দায়িত্বশীল পাইলট হিচাবে সকলো মহলৰে সমাদৰ আৰু সুনাম লাভ কৰিবলৈ সমৰ্থ হৈছে৷ 

২০০৫চনত প্ৰশিক্ষকৰ দায়িত্ব এৰি সমীনে নতুনকৈ আৰম্ভ হোৱা এয়াৰ ডেক্কানত সহকাৰী পাইলট হিচাবে কামত যোগদান কৰে৷ এয়াৰ ডেক্কানৰ  বিমান সেৱা বন্ধ হোৱাত ২০০৭চনত জৰ্ডান এভিয়েচনত, ২০০৮চনত বাহৰেইন এয়াৰ কোম্পানীত সমীন কৰ্মৰত হয় ৷ ২০১০চনৰ পৰা পুনৰ ভাৰতৰ ইণ্ডিগো এয়াৰলাইনছত চাৰি বছৰ কাল সেৱা আগবঢ়ায়৷ ২০১৪চনত বিশ্বৰ অন্যতম বৃহৎ বিমান পৰিবহণ সংস্থা কাটাৰ এয়াৰৱেজত কেপ্টেইন হিচাবে যোগদান কৰে৷ কাটাৰ এয়াৰৱেজৰ মুখ্য কাৰ্য্যালয় থকা ৰাজধানী চহৰ ডোহাত পৰিয়ালসহ বসতি কৰিবলৈ লয়৷ মহাৰাষ্ট্ৰৰ এগৰাকী যুৱতীৰ সৈতে সমীন বিবাহপাশত আৱদ্ধ হয় ২০০৭চনত ৷ বৰ্তমান তেওঁ এটি ৭বছৰীয়া সন্তানৰ পিতৃ৷

কাটাৰ এয়াৰৱেজত কাম কৰি তেওঁ সুখী৷ কিয়নো এই পৰিবহণ সংস্থাটোৱে সদায় নিজৰ উচ্চ মানদণ্ড আৰু নিয়ম শৃংখলা  বৰ্তাই ৰখাত গুৰুত্ব দিয়ে৷ এই বিমান সংস্থাৰ ডাঙৰ ডাঙৰ এয়াৰবাছ চলোৱাৰ অভিজ্ঞতা তেওঁ আৰ্জন কৰিছে৷ অলপতে সমীনে তেওঁৰ বিমান চালনৰ দহ হেজাৰ ঘন্টা সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়৷ এজন পাইলটৰ বাবে এই লক্ষ্যত উপনীত হোৱাটো এক বিশেষ প্ৰাপ্তি আৰু গৌৰৱময় উপলব্ধি৷ তেওঁ আশা ৰাখিছে শৰীৰ আৰু মন  ঠিকে থাকিলে কেইবছৰ মানৰ ভিতৰত  বিমান চলোৱাৰ এক অভিলেখ গঢ়িব পৰা সময় অতিবাহিত কৰিবলৈ সমৰ্থ হ'ব৷

সমীন হৈছে কাটাৰ এয়াৰৱেজত কৰ্মৰত একমাত্ৰ  অসমীয়া পাইলট৷ অৱশ্যে কেবিন ক্ৰিউ, এয়াৰহোষ্টেজ, এয়াৰক্ৰাফ্ট মেকানিকেল ইঞ্জিনিয়াৰ আৰু গ্ৰাউণ্ড ষ্টাফ হিচাবে প্ৰায় ডেৰকুৰি অসমীয়া যুৱক-যুৱতী কাটাৰত কৰ্মৰত হৈ আছে৷ সমীন চুতীয়াকে ধৰি কাটাৰ এয়াৰৱেজৰ আন আন অসমীয়া লোকসকলে সময়-সুবিধা বুজি 'কাটাৰ অসম সমাজ'ৰ সাংস্কৃতিক অনুষ্ঠানসমূহত ভাগ লৈ আহিছে৷ 'কাটাৰ অসম সমাজ'ৰ বাৰ্ষিক দ্বিভাষিক স্মৰণিকা 'নেদেখা সোণালী সূতাৰে বন্ধা'ত নিজৰ সৃষ্টিৰাজি প্ৰকাশ কৰি আহিছে৷ নিজৰ বাৰে বৰণীয়া অভিজ্ঞতাৰ সৰস বৰ্ণনা দিব জনা হাঁহিমুখীয়া সমীন অসম সমাজৰ সকলোৰে আদৰৰ পাত্ৰ৷ 

কেইদিনমানৰ আগতে ফেচবুকযোগে পঢ়িবলৈ পাইছিলো যে এজন অসমীয়া বিজ্ঞানীয়ে জাৰ্মানীলৈ আন কেইজনমান ভাৰতীয়লোকৰ সৈতে এখন ছেমিনাৰত ভাগ ল'বলৈ গৈছিল৷ তাত এবাৰ টেক্সিৰে ভ্ৰমণ কৰোতে তেওঁলোকৰ আলোচনাত টেক্সিচালকজনেও সমানে ভাগলৈ কেউজনকে আচৰিত কৰি তুলিছিল৷ নামিবৰ সময়ত গম পালে সেই চালকজন আচলতে ড্ৰাইভাৰ নহয়, তেওঁ  জাৰ্মানীৰ প্ৰখ্যাত  লুফথানচা এয়াৰলাইছৰ এজন পাইলটহে৷ সেইদিনা চালকজন ডিউটিলৈ নহাত ৰাইজৰ অসুবিধা নহ'বৰ বাবে নিজেও আজৰি থকাত টেক্সিখন চলাইছিল৷ এই ঘটনাৰটোৰ পৰা এয়া সুস্পষ্ট যে ভ্ৰমণে মানুহৰ জ্ঞানৰ ভঁৰাল সমৃদ্ধিশালী কৰি তোলে৷ সমীন হ'ল তাৰ এক প্ৰত্যক্ষ উদাহৰণ৷ বিভিন্ন বিষয়ত তেওঁৰ জ্ঞানৰ পৰিসৰৰ আভাস সামান্য বাৰ্তালাপতে পোৱা যায়৷

সমীনৰ পদাংক অনুসৰণ কৰি তেওঁৰ ভাতৃও এতিয়া এয়াৰ ইণ্ডিয়াৰ পাইলট৷ আৰু অধিক অসমীয়া যুৱক-যুৱতী এই দায়িত্বশীল পাইলটৰ বৃত্তিলৈ আগবাঢ়ি আহিবলৈ আগ্ৰহী হ'ব বুলি সমীনে আশা প্ৰকাশ কৰিছে৷ লগতে তেওঁ অসম চৰকাৰক এই দিশত সহায় আৰু প্ৰয়োজনীয় দিশ-নিৰ্দেশনা আগবঢ়াবলৈকোো অনুৰোধ জনায়৷ এইজনা উদ্যমী অসমীয়া পাইলটৰ আৰু সুনাম আৰু উন্নতি কামনা কৰিলো৷ অসমৰ নৱ-প্ৰজন্মৰ বাবে সমীন চুতীয়া হওঁক অনুপ্ৰেৰণাৰ এক উৎস৷