• মহামুনি চাণক্যই কি কৈছিল এই বিষয়ে ?

আজিৰ ৰাষ্ট্ৰৰ যি দুৰ্ভিক্ষ আৰম্ভ হৈছে মাৰি-মৰককে ধৰি তাৰ বাবে ৰাষ্ট্ৰ বিপ্লৱৰ সুচনা হ'বলৈ ওলাইছে ৷ ২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহত আৰম্ভ হোৱা ক'ভিড-১৯ আৰু তাৰ পাছত সেই ভাইৰাছে সমগ্ৰ বিশ্বতেই তোলপাৰ কৰি পেলাইছে ৷ ধনী-দুখীয়া,উচ্চ-নীচ জাত-পাতৰ কোনো বাচ বিচাৰ নকৰাকৈ মানৱ জাতিৰ ওপৰত সংহাৰী ৰূপ ধাৰণ কৰি আহিছে ৷ 

এইবছৰো ব'হাগ বিহুৰ পাছতেই আৰম্ভ হৈ গ'ল ক'ভিড-১৯ ৰ সংহাৰী ৰূপ ৷ ভূতৰ ওপৰত দানব পৰা দি সৌ সিদিনা সমগ্ৰ অসম পুণৰ বৰ ভুঁইকপে জোকাৰি গ'ল ৷ কোনো কোনো ঠাইত ধৰিত্ৰীৰ বুকু ফাটি জলধাৰাৰ উৎপত্তি পৰ্যন্ত হৈছে ৷ প্ৰকাণ্ড অট্টালিকাতো ফাঁট মেলিছে ৷ গতিকে এইবোৰে ৰাষ্ট্ৰত দুৰ্ভিক্ষ, মহামাৰী,সংহাৰী ৰূপ গ্ৰহণ কৰি মানৱ জাতিক এমূৰৰ পৰা গ্ৰাস কৰি গৈছে ৷ ৰাষ্ট্ৰৰ এনে বিপদ সম্পৰ্কে মহামুনি চাণক্যই বহু হাজাৰ বছৰ পূৰ্বে কৈ গৈছে তেখেতৰ নীতিশাস্ত্ৰত ৷৷৷


উপসৰ্গেঅ' ন্যাচক্ৰে চ দুৰ্ভিক্ষে চ ভয়াবহে ৷
অসাধুদন সম্পৰ্কে পলায়তি স: জীৱতি ৷৷

অৰ্থাৎ শত্ৰুৰ আক্ৰমণ, ৰাষ্ট্ৰৰ বিপ্লৱ, দুৰ্ভিক্ষ, মহামাৰী আদি বিপজ্জনক পৰিস্থিতিত যিয়ে প্ৰাণ বচাই চলিব পাৰে তেওঁ বাচিব আৰু যিয়ে প্ৰাণৰ মমতা ৰ কাতৰ আহ্বান নুশুনে তাৰ মৃত্যু অনিবাৰ্য ৷ ভূমিকম্প, অতিবৃষ্টি, অনাবৃষ্টি, শত্ৰুৰ আক্ৰমণ, দুৰ্ভিক্ষ, মহামাৰী আতংককাৰী উৎপাত আদিৰ সময়োছোৱাত যদি নিজকে বিপজ্জনক স্থানৰ পৰা আঁতৰাই ৰাখিব পাৰে তেওঁৱেই সকলো ভোগ কৰিব আৰু যিয়ে এনে পৰিস্থিতিত এনে সিদ্ধান্ত গ্ৰহণ নকৰিব সেই লোকৰ বিপদ অনিবাৰ্য ৷ লগতে নীতি শাস্ত্ৰ পঞ্চম অধ্যায়ৰ তৃতীয় শ্লোকত মহামুনি গৰাকীয়ে নিজেই কৈছে -


তাৱদ ভয়েষু ভেতব্যং য়াবদ ভয়ামনাগতম্ ৷
আগতং তু ভয়ং বীক্ষ্যাপ্ৰহৰ্তব্যমশংকয়া ৷৷

অৰ্থাৎ যেতিয়া লৈকে ভয় সমুখত থিয় নিদিয়ে আমি কেতিয়াও বিচলিত হ'ব নালাগে ৷ বিচলিত হলেই ভয়েই সকলে শেষ কৰি দিয়ে ৷ বিপদত ধৈৰ্য ৰ দৰকাৰ ৷ ভয়ৰ সৈতে মুখামুখি হ'ব লাগে যদি প্ৰয়োজন হয় আৰু সেই ভয়ৰ ওপৰত আক্ৰমণ কৰিব লাগে ৷ কাৰণ পাছলৈ ভয় কৰিম বা পাছত ভয়ে আক্ৰমণ কৰিব বুলি ৰৈ থাকিবও নালাগে ৷ কিন্তু বিপদ আহিব বুলি ভয়ো কৰিব নালাগে ৷ কেনেকৈ সেই সংকটক ওফৰাই পেলাব পাৰি তাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা উচিত ৷ কাৰণ বিপদ আহিলেতো আহিবই, ৰৈ নাথাকে সেয়ে সেই বিপদ অহাৰ সময়সৈকে নিজকে সাজু কৰিব লাগিব ৷ 

প্ৰথমতে আমি জানি লব লাগিব যে ভয়ৰ কাৰণ প্ৰকৃততে কি ৷ কেনেকৈ এই ভয়ৰ সৈতে মুখামুখি হ'ম ৷ এই ভয়ৰ উৎস কি আৰু ক'ত ৷ তাৰ ৰহস্য ভেদ কৰা উচিত ৷ নিজৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখক ৷ নিজৰ ওপৰত বিশ্বাস ৰাখক ৷ ভয়ক প্ৰত্যাহ্বান ৰূপে গ্ৰহণ কৰক ৷ কাৰণ যদি ভয় আহিছে তেনেহলে আপোনাক বা মোক ই সাৱটিয়েই ধৰিব  ৷ প্ৰত্যাহ্বান জনালেহে ভয়ে পলাই পত্ৰং দিব ৷ ভয়ক অৱশ্যে জয় কৰিব খুজিলে প্ৰাৰ্থনাৰ আশ্ৰয় লব পাৰে আৰু দুৰ্ভাৱনাক জয় কৰিবলৈ ঈশ্বৰেই আপোনাৰ সহায়ক হ'ব ৷

লিখকঃ অলকেশ চক্ৰবৰ্ত্তী