newsnextone.com | তেজপুৰঃ যোৱা ৩০ জুলাইত এনআৰচিৰ দ্বিতীয়খন খচৰা প্ৰকাশ পোৱাৰ পিছতে এনআৰচিৰ উন্নীতকৰণত বহুতো বিসংগতি থকাৰ বিষয়ে বিভিন্নজনে অভিযোগ উত্থাপন কৰি আহিছে৷ বিশেষকৈ একাংশ প্ৰতিষ্ঠিত ব্যক্তিৰ নাম এনআৰচিৰ দ্বিতীয়খন খচৰাৰ পৰাও বাদ পৰাক লৈ বিভিন্নজনে এনআৰচিৰ কৰ্মকাণ্ডক লৈ সন্দেহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷ শেহতীয়াকৈ এগৰাকী ৰে’ল বিভাগৰ প্ৰাক্তন অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়াৰ নাম এনআৰচিৰ তালিকাৰ পৰা বাদ পৰি ৰোৱাত এনআৰচি গঠনত কোনো তৃতীয় শক্তিয়ে বেমেজালিৰ সৃষ্টি কৰা বুলি দাবী কৰা পৰিলক্ষিত হৈছে৷

উল্লেখ্য যে আব্দুল হাজিজ আনচাৰি নামৰ ভাৰতীয় ৰে’ল সেৱাৰ এগৰাকী অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়াৰ নাম যোৱা মাহত প্ৰকাশিত এনএৰচিৰ দ্বিতীয়খন খচৰাত বাদ পৰি গৈছে৷ জানিব পৰা মতে ৰে’ল বিভাগত সুদীৰ্ঘ কাল নিষ্ঠাৰে সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা আব্দুল হাজিজ আনচাৰিৰ জন্ম হৈছিল ১৯৪০ চনৰ  ১জুনত তেজপুৰৰ বেতনিজাৰত৷ তেওঁ ১৯৬০ চনত তেজপুৰ ৰে’লৱে শাখাত এগৰাকী বিষয়া হিচাপে যোগদান কৰি ২০০৫ চনত অৱসৰ গ্ৰহণ কৰে৷ 

জানিব পৰা মতে, এই ব্যক্তিগৰাকীৰ নাম এনআৰচি প্ৰথম খচৰাত প্ৰকাশ পাইছিল যদিও দ্বিতীয় তথা সদ্য প্ৰকাশিত খচৰাত লোকজনৰ নাম কৰ্তন কৰি ডি ভোটাৰ হিচাপে চিনাক্ত কৰণ কৰে। আনহাতে এই গৰাকী ব্যক্তিৰে লিগেচি ব্যৱহাৰ কৰা তেওঁৰ সন্তান সকলৰ নাম এনআৰচি তালিকাত সন্নিৱিষ্ট হোৱাত তেওঁক ডি ভোটাৰ হিচাপে চিনাক্ত কৰাত কোনো লোকৰ ষড়যন্ত্ৰ বুলি সন্দেহ প্ৰকাশ কৰিছে আব্দুল হাজিজে৷

ইফালে এগৰাকী অৱ,ৰ প্ৰাপ্ত ৰে’ল বিষয়াৰ নাম এনআৰচিৰ তালিকাত সন্নিৱিষ্ট নহোৱাক লৈ অঞ্চলোটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷