newsnextone.com | ডিফুঃ জাৰ্ণালিষ্ট ফেডাৰেছন অফ আছামৰ কেন্দ্ৰীয় সমিতিৰ প্ৰথম দ্বি বাৰ্ষিক অধিবেশনখন অহা নৱেম্বৰ মাহত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত অনুষ্ঠিত হ’ব বুলি শুকুৰবাৰে ডিফুত জাফাৰ কাৰ্বি আংলং জিলা সমিতিৰ সাধাৰণ সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ শুকুৰবাৰে ডিফুস্থিত চেণ্ট্ৰেল ৰেঞ্জৰ ফৰেষ্ট আইবিত অনুষ্ঠিত হয় জাফাৰ কাৰ্বি আংলং জিলা সমিতিৰ সাধাৰণ সভা৷ 

জাফাৰ সভাপতি ৰাজবীৰ সিঙৰ পৌৰাহিত্যত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য বাখ্যা কৰে জাফাৰ কাৰ্বি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক ড০ লিপচন ৰংপিয়ে৷ সভাত দীৰ্ঘ আলোচনাৰ অন্তত জাফাৰ কাৰ্বি আংলং জিলা সমিতিৰ পূৰ্বৰ তদৰ্থ সমতিক পূৰ্ণাংগ সমিতি ৰূপে থকাৰ বাবে সভাই সিদ্ধান্ত গ্ৰহণ কৰে৷ 

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা জাফাৰ ৰাজ্যিক সভাপতি লংচিং টেৰণে নিজৰ ভাষণ প্ৰসংগত জিলা খনৰ সক্ৰিয় সাংবাদিক সকলক চৰকাৰৰ বিভিন্ন অভিলাসী আঁচনিৰ সুবিধা গ্ৰহণ কৰাৰ বাবে স্বীকৃতি প্ৰাপ্ত সাংবাদিকৰ বাবে আবেদন কৰাৰ পৰমৰ্শ আগবঢ়ায়৷ টেৰণে সাংবাদিক সকলৰ পেঞ্চন, বীমা আদিৰ লাভালাভৰ সুবিধা গ্ৰহণ কৰাৰ বাবেও সাৰুৱা বক্তব্য আগবঢ়ায়৷ 

জাফাৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে- ৰাজবাৰী সিং আৰু ডা০ লিপচন ৰংপিয়ে জাফাৰ সদস্য সাংবাদিক সকলৰ বাবে জাফাৰ ফালৰ আছুতীয়াকৈ পৰিচয় পত্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও জানিবলৈ দিছে৷ আনহাতে, জাফাৰ ৰাজ্যিক সমিতিৰ প্ৰথম দ্বি বাৰ্ষিক অধিবেশন খন কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত অনুষ্ঠিত হোৱাৰ কথাও সভাখনত বিশেষ গুৰুত্ব লাভ কৰে৷ 

আজিৰ সভাৰ সৰ্ব সন্মত সিদ্ধান্ত মৰ্মে জাফাৰ ৰাজ্যিক সমিতিৰ প্ৰথম দ্বিবাৰ্ষিক অধিবেশন খন তিনিদিনীয়া কাৰ্যসূচীৰে ২৮, ২৯ আৰু ৩০ চেপ্তেম্বৰত ডিফুত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ অধিবেশনত অসমৰ বিভিন্ন জিলাৰ পৰা ৪ৰ পৰা ৫ জনলৈকে প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব আৰু এই অধিবেশনতেই জাফাৰ ৰাজ্যিক কেন্দ্ৰীয় সমিতি পুনৰ গঠন কৰা হ’ব বুলি জাফাৰ ৰাজ্যিক সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে৷ এই লৈ আজিৰ সভাত অধিবেশনখন সূচাৰু ৰূপে চলাই নিবলৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি আৰু উপ সমিতি গঠন কৰা হয়৷