newsnextone.com।নগাঁওঃ ঐতিহাসিক বটদ্ৰৱা থানৰ একনিষ্ঠ সেৱক,বৰনাম লগোৱা তথা থানৰ ভৰালী প্ৰয়াত যোগেশ আতৈৰ বুধবাৰে আদ্য শ্ৰাদ্ধৰ অনুষ্ঠান শ্ৰী শ্ৰী শলগুৰি সত্ৰস্থিত তেখেতৰ আত্মীয়ৰ গৃহত অনুষ্ঠিত হয়। আদ্য শ্ৰাদ্ধ উপলক্ষে দুপৰীয়া নাম প্ৰসংগ,প্ৰসাদ বিতৰণৰ পিছত যোগেশ আতৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে নৰহৰি নামলগোৱাই।

গজেন ৰাজখোৱাই আঁতধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যোগেশ আতৈৰ স্মৃতিচাৰণেৰে "শ্ৰদ্ধাঞ্জলি"-শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক ইন্দ্ৰ মোহন বৰুৱাই। পৰিচালনা সমিতিৰ আন এগৰাকী সহকাৰী সম্পাদক যোগেন শইকীয়াই  পুস্পাঞ্জলি অৰ্পন কৰা অনুষ্ঠান মন্টু বৰা,মুকুল কলিতা,প্ৰদীপ বৰা,অতুল কলিতাকে প্ৰমুখ্য কৰি কাৰ্যনিৰ্বাহক সদস্য সকলৰ উপৰিও দ্বি-শতাধিক ভকত বৈষ্ণৱৰ উপৰিও আত্মীয় স্বজনৰ লোক সকল উপস্থিত থাকে।