newsnextone.com | খেৰণিঃ যোৱা ভালেকেইদিন ধৰি গ্ৰাম্য এলেকাৰ লোকে বিদ্যুতৰ সঘন আহ-যাহত অতিষ্ঠ হৈ পৰিছে৷ বিদ্যুতৰ সেৱা বাৰে বাৰে ব্যাহত আৰু লুকাভাকুত কৰি থকাত গাঁৱৰ সাধাৰণ লোক উদ্যোগ, ব্যৱসায়ীক প্ৰতিষ্ঠান, কাৰ্যালয় আদিয়ে বাৰুকৈয়ে অতিষ্ঠ হৈ পৰিছে বুলি জানিব পৰা গৈছে।

গ্ৰাম্য অঞ্চলত বিদ্যুতৰ নাটনি হোৱাটো দুৰ্ভাগ্যজনক বুলি বিবেচিত হৈছে। উল্লেখ্য যে, বিজেপি চৰকাৰ খনে নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাইজক ২৪ ঘণ্টাই বিদ্যুত যোগানৰ আশ্বাস দিছিল কিন্তু ২টা বছৰ সম্পূৰ্ণ কৰা চৰকাৰখনে ৰাইজক প্ৰদান কৰা আশ্বাস সম্পূৰ্ণ কৰাত ব্যৰ্থ হোৱা বুলি ৰাইজে অভিযোগ কৰিছে। ইমানে নহয় যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰচাৰৰ বাবে ৰাজপথত ওলোমাই ৰখা ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰা প্ৰতিশ্ৰুতি দিয়া এখন বেনাৰ ব্যাপক হাৰত প্ৰচাৰ হ’ব ধৰিছে ছচিয়েল মিডিয়াত৷

আনহাতে ভূতৰ ওপৰত দানহ পৰাদি উৎকট গৰমৰ মাজত বিদ্যুতৰ সঘন কৰ্তনে স্তব্ধ কৰি তুলিছে স্বাভাৱিক জনজীৱন৷ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে কাৰ্বি আংলঙত ৰাতিৰ কথাটো বাদেই দিনৰ ভাগতো ৮-১০ বাৰকৈ লোডশ্বেডিং হোৱাটো সাধাৰণ ঘটনাত পৰিণত হৈছে৷ তাৰ মাজতে, পশ্চিম কাৰ্বি আংলঙৰ খেৰণিস্থিত বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৰাইজে। শতাধিক উত্তেজিত ৰাইজে বিদ্যুৎ সেৱা নিয়মীয়া কৰাৰ দাবীত বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰে।

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিস্থিত বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ে কিছুদিন ধৰি বৃহত্তৰ খেৰণি অঞ্চলত নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ ফলত শতাধিক উত্তেজিত ৰাইজে বৃহস্পতিবাৰে বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰে। সংঘনে বিদ্যুৎ কৰ্তন তথা বিদ্যুতৰ লুকাভাকুক কেন্দ্ৰ কৰি ক্ষোভিত হৈ পৰিছে খেৰণিৰ ৰাইজ। ঘটনাস্থলিত খেৰণি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয়৷

ৰাইজে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই যমৰ-যাতনাত ভুগিব লগা হৈছে বুলি বিদ্যুৎ বিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীয়ে নিয়মীয়াকৈ উপস্থিত নথকাৰ কথাও উল্লেখ কৰিছে ক্ষোভিত ৰাইজে।