newsnextone.com।মৰিয়নীঃ যোৰহাট জিলাৰ মৰিয়নী নিউ সোনোৱাল চাহ বাগিচাৰ ৬০ নং গাওঁ পঞ্চায়তৰ অন্তগত গঙ্গাপুৰ অঞ্চলৰ এক বৃহৎ পানী যোগান কেন্দ্ৰৰ শ্মশান যাত্ৰা৷ আজি কিছু দিন ধৰি মৰিয়নী অঞ্চলৰ একাধিক পানী যোগান কেন্দ্ৰ বিকল হৈ পৰি আছে৷ তাৰ ব্যতিক্ৰম নহয় গঙ্গাপুৰ পানী যোগান কেন্দ্ৰ৷

কিছু দিনৰ আগলৈ মাজে সময়ে এই কেন্দ্ৰ পৰা পানী যোগান ধৰি আছিল যদিও হঠাৎ কেইদিনমানৰ পৰা সম্পূৰ্ণ ৰুপে পানী দিয়া বন্ধ হৈ পৰে। সাংবাদিকৰ উপস্থিতিতহে ওলাই উৰহীৰ ওৰ অসম চৰকাৰৰ পানী যোগান আচঁনিৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ ধন প্ৰকৃততে ৰাইজৰ কামত কিমান দূৰ ব্যৱহাৰ হয়৷ সম্পূৰ্ণ এক লেতেৰা শেলুৱৈ ধৰা অস্বাস্থ্যকৰ ভাৱে পানী নামত বৰবিহ খোৱাই আছে৷

পৰিষ্কাৰ-পৰিচন্নতাৰ কোনো ব্যৱস্থা নকৰাকৈ পানী দি আহিছে৷ যাৰ ফলস্বৰূপে ৰাইজৰ বিভিন্ন মাৰাত্মক ৰোগত পৰিব লগীয়া হব পাৰে৷ গঙ্গাপুৰ পানী যোগান কেন্দ্ৰৰ দায়িত্বত থকা কৰ্মচাৰী খগেন সন্ধিকৈয়ে জনাই যে কেন্দ্ৰতো যিহেতু যোৰহাটৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ অন্তগত।

গতিকে পৰ্যবেক্ষকে মাজে সময়ত পৰ্যবেশন কৰিব লাগে যদিও কোনো অভিযন্তা নাহে৷ সুচাৰুৰূপে পৰিচালনাৰ অভাৱত বাৰম্বাৰ কেন্দ্ৰটো বিকল হৈ পৰে৷ কেন্দ্ৰতো পৰিচালনা কৰিব বাবে পৰ্যাপ্ত পৰিমাণে ধন মুকলি কৰি নিদিয়ে চৰকাৰী পক্ষই৷ যি সময়ত সাংবাদিক উপস্থিত হৈছিল তাত সেই সময়ত উপস্থিত আছিল মৰিয়নী সংমণ্ডলৰ উপদেষ্টা বিলতু ফুকন।

তেওঁৰ অন্তগত মৰিয়নীত কেইবাটাও পানী যোগান কেন্দ্ৰ আছে গতিকে তেওঁৰ সৈতে সাংবাদিকে এই বিষয়ে জানিবলৈ চেষ্ঠা কৰাত তেওঁ কোনো ধৰনৰ কথা কোৱাৰ পৰা বিৰত থাকে৷ মৰিয়নীৰ এই কেন্দ্ৰৰ পৰা এটা কথা নিশ্চিত হল বৰ্তমান চৰকাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগতো বৰ্তমান একাংশ দালালৰ সহায়ত হে পৰিচালিত হৈছে৷