newsnextone.com | ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ চৰকাৰৰ আঁচনি লাভ কৰা হিতাধীকাৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বাৰ্তালাপ কৰে৷ মোডীয়ে নমো এপৰ জৰিয়তে জ্যোতি যোজনাৰ পৰা লাভান্বিত হোৱা গাঁৱৰ লোকৰ সৈতে কথা পাতে৷ মোডীয়ে বিগত চৰকাৰে বিদ্যুতৰ সংযোগ দিয়াৰ বাবে প্ৰতিশ্ৰুতি দিছিল যদিও বিফল হোৱা বুলি কয়৷ ২০০৯ চনলৈ প্ৰতিঘৰ পৰিয়ালক বিদ্যুতৰ সংযোগ দিয়া বুলি কৈছিল যদিও পূৰ্বৰ চৰকাৰে প্ৰতিশ্ৰুতিক গুৰুত্ব সহকাৰে নোলোৱা বুলি কয়৷ 

আমি পলম নকৰাকৈ বিদ্যুৎ যোগানৰ কাম আৰম্ভ কৰিছোঁ৷ ২০১৪ চনলৈ ১৮ হাজাৰ গাঁৱত বিদ্যুতৰ সুবিধা নাছিল৷ কিন্তু ২০১৮ চনৰ ১ মে’ লৈকে ১৮,৪৫২ গাঁৱত আমি বিদ্যুতৰ সংযোগ দিছোঁ৷ আমি প্ৰতিখন গাঁৱত বিদ্যুতৰ সংযোগ দিয়াৰ বাবে লক্ষ্য লৈছোঁ৷ যাৰ বাবে পণ্ডিত দীন দয়াল উপাধ্যায়ৰ নামত গ্ৰাম জ্যোতি যোজনা আৰম্ভ কৰিছোঁ৷
   
মোডীয়ে ২০০৫ চনৰ পৰা ২০০৯ চনলৈ প্ৰতিখন গাঁৱত বিদ্যুৎ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল বুলি কয়৷ ইয়াৰ লগে লগে সেই সময়ৰ চৰকাৰে ঘৰে ঘৰে বিদ্যুতৰ সংযোগ দিম বুলি কৈছিল৷ কিন্তু তেওঁলোকৰ দীৰ্ঘ কাৰ্যকালত একো নহ’ল৷ পূৰ্বৰ ইউপিএ চৰকাৰক আক্ৰমণ কৰি স্বাধীনতাৰ ৭০ বছৰ পাৰ কৰিছোঁ বুলি কৈ ১৮ হাজাৰ গাঁৱত বিদ্যুত যোৱা নাছিল বুলি কয়৷ যত বিদ্যুৎ আছিল সেয়াই ডাঙৰ কথা আছিল৷ প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে দেশৰ উত্তৰ পূবৰ অংশক গুৰুত্ব দিয়া হোৱা নাছিল৷ যাৰ বাবে উন্নয়নৰ পৰা বঞ্চিত হৈছিল৷ ১৮ হাজাৰ গাঁৱৰ ১৪,৫৮২ গাঁও পূব প্ৰান্তৰ আছিল৷ 

আনহাতে নৰেন্দ্ৰ মোডীয়ে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ এখন গাঁৱৰ লোকৰ সৈতেও কথা পাতে৷ ঢেকিয়াজুলিৰ ঘোগ্ৰা কছাৰী নামৰ গাঁও খনৰ লোকৰ সৈতে কথা পাতে৷ কেইবাগৰাকী মহিলাই সমবেত হয় যদিও ইন্দিৰা বসুমতাৰী নামৰ মহিলাই বাৰ্তালাপ কৰি কয় যে ২০১৬ চনত তেওঁলোকৰ গাঁৱত বিদ্যুতৰ সংযোগ দিয়া হৈছিল যদিও সম্পূৰ্ণ হোৱা নাছিল৷ তেওঁলোক এতিয়া আতিয়া সুখী৷ 

যুৱতীগৰাকীয়ে কয় যে পূৰ্বে আমি বহু দুৰলৈ ফটোষ্টেট আদি কৰিবলৈ যাব লগা হৈছিল৷ এতিয়া তেওঁলোকৰ গাঁৱতে দোকন খুলিছে৷ কুৱাৰ পৰা পানী উঠাওতে বহু কষ্ট হৈছিল কিন্তু এতিয়া সহজতেই পানী উঠাব পাৰে৷ পূৰ্বে বিদ্যুতৰ বিল এদিন পূৰ্বে বিল দিছিল কিন্তু আজিকালি মোবাইলত মেছেজ আহে৷ প্ৰধানমন্ত্ৰীয়ে পূৰ্বে মোবাইল ক’ত চাৰ্জ দিছিলা বুলি কৰা প্ৰশ্নৰ উত্তৰ দি ইন্দিৰাই কয় যে আগতে আমি আনৰ ঘৰত মোবাইল থৈ আহিব লগা হৈছিল৷ মোডীয়ে আপোনালোকে টিভি চাই নেকি বুলি প্ৰশ্ন কৰে সেই সময়ত মহিলাসকলে টিভি চাও বুলি কয়৷ প্ৰধানমন্ত্ৰীয়ে মোডীয়ে অসমৰ এগৰাকী যুৱতীয়ে গৌৰৱ কঢ়িয়াই অনা বুলি কৈ এই কথা তেওঁলোকে অৱগত হৈছে নে বুলি প্ৰশ্ন কৰে৷ মহিলাসকলে হিমাৰ নাম লৈ তেওঁৰ কথা জানো বুলি কয়৷