newsnextone.com বিশেষঃ

বটদ্রৱা থানত মাধৱদেৱৰ ৪২২ তম তিৰোভাৱ তিথি

নগাঁওঃ জগতগুৰু মহাপুৰুষ শ্রীশংকৰদেৱৰ পবিত্র জন্মস্থান শ্রীশ্রীবটদ্রৱা থানত তেৰাৰ প্রিয় শিষ্য বুঢ়াৰ পো মাধৱদেৱৰ ৪২২ তম তিৰোভাৱ তিথি সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰা অক্ষুন্ন ৰাখি আড়ম্বৰপূৰ্ন ভাবে দুদিনীয়া কাৰ্যসূচীৰে উদযাপিত হৈছে৷

শুকুৰবাৰে পুৱা ‘তাল কোবোৱা’ প্রসংগৰ পিচতে কেইবা শতাধিক ভকত-বৈষ্ণৱ, যুৱক-যুৱতী, আই মাতৃৰ উষা কীৰ্তনেৰে থান প্ৰাংগণ মুখৰিত হয়। পুৱা প্রসংগত গায়ন-বায়নে ‘শ্যাম গড়া’ ৰাগত ‘শুনলো পণ্ডিত’ শীৰ্ষক গীত পৰিবেশন কৰে। তাৰ পিচতে প্রসংগীয়া নামত দধি মথনৰ ‘এ হে কৰুণাময়’, ‘গোবিন্দ হৰি কৃষ্ণ গোপাল হৰি ৰাম’ কীৰ্তন গোৱা হয়।

দুপৰীয়া কীৰ্তনৰ অন্তত ৰাজ্য খনৰ ভিন্ন প্রান্তৰ পৰা অহা অগণন ভক্তপ্রান ৰাইজে আশীৰ্বাদ গ্রহণ কৰে। মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে শ্রীশ্রী নৰোৱা সত্রৰ আইসকলে প্রসংগত পৰম্পৰাগত ভাবে ‘ন-ঘোষা’ পৰিবেশন কৰে।

পুৱাৰে পৰা দ্বিতীয় বৈকুন্ঠ বটদ্রৱালৈ বিভিন্ন স্থানৰ পৰা বহু সংখ্যক যাত্রীৰ আগমন ঘটি দুপৰীয়া ভাগলৈ বটদ্রৱাৰ চৌপাশ লোকে লোকাৰণ্য হৈ পৰাৰ লগতে কীৰ্তনঘৰ, পদশিলা, পাটশিলা, আকাশী গংগা, দৌল মন্দিৰ, আদি পূণ্যস্থান সমূহত তীৰ্থযাত্রী সকলে শৰাই, বন্তি, নৈৱদ্য আদি প্রদান কৰি আশীষ নিৰ্মালি গ্রহণ কৰাত দৃষ্টিনন্দন পৰিবেশৰ সৃষ্টি হয়৷

মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে হৰিনামৰ ধ্বনিৰে মুখৰিত নগাঁৱৰ গ্ৰামাঞ্চল, নামঘৰে নামঘৰে আধ্যাত্মিক পৰিবেশৰ সৃষ্টি

বৃহত্তৰ অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা অসমীয়া সমাজ জীৱনৰ অন্যতম পুৰোধা ব্যক্তি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিভাগ ৰাজ্যৰ বিভিন্ন স্থানৰ দৰে নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ গ্ৰামাঞ্চলবোৰতো ওলহ-মালহেৰে পালন কৰা হয়৷ তদনুযায়ী জিলাখনৰ সকলো গ্ৰামাঞ্চলৰ আকাশ-বতাহ জাউৰিয়ে জাউৰিয়ে পৰিবেশিত হৰিনামৰ লগতে ঘোষা, পুথি পাঠ তথা খোল, তাল, ডবা, নাগাৰা, শংখ আদিৰ মাংগলিক ধ্বনিৰ সমাহাৰে মুখৰিত হৈ এক অনন্য আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হোৱা দেখা যায়৷

পুৱাৰে পৰা গ্ৰামাঞ্চলবোৰৰ চুকে-কোনে থকা প্ৰতিটো নামঘৰতে জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈ সকলো ভক্তপ্ৰাণ ৰাইজে উচ্চ-নীচ ভেদাভেদ পৰিহাৰ কৰি ধূতি, চাদৰ-মেখেলা পিন্ধি আৰু ডিঙিত গামোচা লৈ পৰম্পৰাগতভাবে ঘোষা, পুথি পাঠ, নাম-কীৰ্তন আৰু খোল-প্ৰসংগ কৰাৰ অন্তত বিয়লি মাহ-প্ৰসাদ আৰু ভোগ বিতৰণেৰে মহাপুৰুষজনাৰ তিৰোভাৱ তিথিভাগ ৰাজহুৱাভাবে ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে উদযাপন কৰা হয়৷

কাজেই, মহাপুৰুষজনাৰ এই তিথি উপলক্ষে নামঘৰবোৰ শিশু-আৱাল-বৃদ্ধ-বণিতাৰ উপস্থিতিৰে উদুলি-মুদুলি হৈ পৰাৰ বিপৰীতে ধূপ, ধূনা, মাহ প্ৰসাদ, ফল-মুলৰ আমোল-মোলোৱা সুৱাসে সকলোৰে মন প্ৰাণ পুলকিত কৰি তোলে৷

ইফালে, উপৰোক্ত গ্ৰামাঞ্চলবোৰৰ ঠায়ে ঠায়ে নামঘৰ, সত্ৰ আদিত ধৰ্মীয় শোভাযাত্ৰা, আলোচনা চক্ৰ, বক্তৃতানুষ্ঠান, অসমীয়া ভাওনা প্ৰদৰ্শন, সত্ৰীয়া নৃত্যানুষ্ঠান আদিকে ধৰি নানা সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰে পশ্চিম নগঞা ধৰ্মপ্ৰাণ ৰাইজে৷ তদুপৰি সন্ধিয়া উক্ত গ্ৰামাঞ্চলবোৰৰ প্ৰতিঘৰ গৃহস্থিৰে পদূলিত বন্তি প্ৰজ্বলনেৰে মহাপুৰুষজনাৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে গঞাই৷

ঐতিহাসিক কুঁজিসত্ৰত মাধৱদেৱৰ তিথি উদযাপন

নগাঁও আৰু মৰিগাওঁ জিলাৰ সীমান্তবৰ্তী বটদ্ৰৱাৰ সমীপৰ ঐতিহাসিক শ্ৰীশ্ৰী নৰোৱা কুঁজিসত্ৰত মহাপুৰুষ মাধৱ দেৱৰ ৪২২ তম তিৰোভাৱ তিথিভাগ ওলহ-মালহেৰে উদযাপন কৰা হয়৷ বৃহস্পতিবাৰে সন্ধ্যাৰ গন্ধোৎসৱৰে আৰম্ভ কৰা এই তিথি উপলক্ষে সত্ৰখনত বহু ভক্তৰ আগমন ঘটে।

গন্ধোৎসৱৰ অন্য কাৰ্যসূচী মতে ঘোষা কীৰ্তন আৰু খোল প্ৰসংগেৰে সত্ৰভূমি ৰজনজনাই তোলা হয়। ইফালে, পুৱতি নিশা বৰতাল কোবোৱা, প্ৰাতঃ প্ৰসংগ আৰু আই সকলৰ নাম অনুষ্ঠিত হয়।

উল্লেখ্য যে, আই সকলে দধিমঠনৰ দিহা গাই মুখৰিত কৰি তোলে কুঁজিসত্ৰৰ আকাশ-বতাহ৷ তাৰ পিছত খোল প্ৰসংগ আৰু নাম কীৰ্তন কৰা হয়।উল্লেখ্য যে গুৰু জনাৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ অন্যতম কাৰ্যসূচী হ’ল প্ৰতি ঘৰ লোকে দুই কেজি চাউল, তেল, এপোৱা নিমখ আৰু অৰিহণা আগবঢ়োৱা হয়।