newsnextone.com | পশ্চিম নলবাৰীঃ নলবাৰী জিলা ব্ৰীজ সন্থাৰ উদ্যোগত অহা ৯চেপ্তেম্বৰ দেওবাৰে অসম ভিত্তিত বিভাৰাণী গোস্বামী সোঁৱৰণী এদিনীয়া অক্সন ব্ৰীজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

নলবাৰী লিটিল ফ্লাৱাৰ স্কুলত আয়োজিত প্ৰতিযোগিতা খনৰ প্ৰথম পুৰস্কাৰ ৮০০১ টকা, দ্বিতীয় পুৰস্কাৰ ৫০০১টকা, তৃতীয় পুৰস্কাৰ ৩০০১ টকা আৰু চতুৰ্থ পুৰস্কাৰ ২০০১টকা বুলি প্ৰতিযোগিতা খনৰ আয়োজকসকলে জানিবলৈ দিয়ে৷ 

প্ৰতিযোগিতাখন পৰিচালনা কৰাৰ বাবে যজ্ঞেশ্বৰ বুজৰবৰুৱাক সভাপতি, তৰণী কান্ত শৰ্মাক উপ-সভাপতি আৰু গোবিন্দ মণ্ডলক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে। ইচ্ছুক প্ৰতিযোগী সকলক ৪০০টকা ভৰ্তী মাচুলসহ ৯৬৪২৯১২৯৫, ৯১০১৮২৯৫২০, ৯৬১৩২৬০৯৫৪ নম্বৰত যোগাযোগ কৰিবলৈ সমিতিৰ বিষয়-ববীয়া পাপু দত্তই এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিব দিছে।