ধনশিৰি: বৰ বৰ কথাৰে উন্নয়নৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদীলৈ অহা বিজেপি চৰকাৰৰ প্ৰতি লাহে লাহে মোহভংগ হ’ব ধৰিছে দেশৰ সাধাৰণ জনতাৰ । সকলো প্ৰতিশ্ৰুতিয়ে এতিয়া পৰ্যবেসিত হৈছে ফুটুকাৰ ফেনলৈ । দেশৰ দুই কোটি শিক্ষিত নিৱনুৱাক চাকৰিৰ সংস্থাপন দিম বুলি দিয়া প্ৰতিশ্ৰুতি পূৰণতো ব্যৰ্থ এতিয়া কেন্দ্ৰীয় চৰকাৰ ।

কেন্দ্ৰলৈ বিজেপি চৰকাৰ অহাৰ পাছত প্ৰতিশ্ৰুতিৰ সুৰতেই সুৰ মিলাই কাম কৰাৰ প্ৰতিশ্ৰুতি দি ৰাজ্যৰ শাসনলৈ অহা চৰকাৰখনেও উন্নয়নৰ নামত  খেলি আছে  টালি-বাজি । পুনৰ এই চৰকাৰৰ বলি হ’ব লগা হৈছে সংস্থাপন পাম পাম বুলি আশা পালি থকা ৰাজ্যৰ শিক্ষিত নিৱনুৱাসকল।

বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিভাগসমূহৰ কিছুমান টোঘলকী কাণ্ডই চকু কপালত তুলিছে শিক্ষিত নিৱনুৱা সকলৰ। আশাৰ ৰেঙনি দেখুৱাই প্ৰ-পত্ৰ পূৰণ কৰোওৱা চৰকাৰৰ কেইটামান বিভাগে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত লগাইছে খেলিমেলি।

নিৱনুৱাক পুনৰ চৰকাৰী চাকৰিৰ লিখিত পৰীক্ষাৰ পৰা বঞ্চিত কৰাৰ দিশে আগবাঢ়িছে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ। জানিব পৰা মতে, অসম সচিৱালয়ৰ কম্পিউটাৰ অপাৰেটৰ আৰু অসম ৰাজ্যিক পৰিবহন নিগমত ওলোৱা কেইটামান পদৰ বাবে একে দিনাই, একে সময়তে ১১ ফেব্ৰুৱাৰীত লিখিত পৰীক্ষা স্থানভেদে অনুষ্ঠিত হোৱাৰ কথা।

যাৰ পৰিপেক্ষিতত অসুবিধাৰ সন্মুখীন হৈছে প্ৰত্যাশী পৰীক্ষাৰ্থীসকল । উল্লেখ্য যে ,চৰকাৰৰ বিভাগসমূহৰ ইটোৰ লগত সিটো বিভাগৰ যোগাযোগ তথা সম্পৰ্ক নথকাৰ বাবেই এনে খেলিমেলিৰ সৃষ্টি হৈছে বুলি ক্ষোভ উজাৰিছে পৰীক্ষাৰ্থীসকলে । অসম সচিৱালয়ৰ কম্পিউটাৰ অপাৰেটৰ পদৰ বাবে সাধাৰন শ্ৰেণী প্ৰাৰ্থীৰ পৰা ২৫০ টকা,অবিচি/এমঅবিচি আদি প্ৰাৰ্থীৰ পৰা ১৫০ টকাকৈ, আনহাতে অসম ৰাজ্যিক পৰিবহন নিগমৰ পদকেইটাৰ বাবদ সকলো শ্ৰেণী প্ৰাৰ্থীৰ পৰা ৫০০ টকাকৈ ধন সংগ্ৰহ কৰি অনুষ্ঠিত কৰিবলৈ লোৱা লিখিত পৰীক্ষাৰ ক্ষেত্ৰত লগোৱা এনেধৰণৰ খেলিমেলিয়ে পুনৰবাৰ উদঙাই দিছে বিভাগ সমূহৰ ফোঁপোলাস্বৰূপ ।

এইয়া নিৱনুৱাক চৰকাৰী চাকৰিৰ পৰা বঞ্চিত কৰাৰৰ এক কৌশল বুলি বহু সাক্ষাৎকাৰ প্ৰত্যাশীয়ে অভিযোগ কৰিছে। এই দৰে যি সকল চাকৰি প্ৰাৰ্থীয়ে দুয়োটা বিভাগতে টকা ভাঙি সাক্ষাৎকাৰত বহিবৰ বাবে আশা কৰি আছিল, সেই সকলৰ আশাত চেঁচা পানী ঢালি একে দিনাই দুয়োটা পদৰ সাক্ষাৎকাৰ পাতিবলৈ লোৱা কাৰ্যত দুখ প্ৰকাশ চৰকাৰক যিকোনো এটা বিভাগৰ সাক্ষাৎকাৰৰ দিন পিছুৱাবলৈ দাবী জনাইছে।