newsnextone.com | তামুলপুৰঃ ৰাজ্যত ক্ৰমান্বয়ে ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে। জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ইতিমধ্যে ৰাজ্যত কেবাগৰাকী লোক মৃত্যুমুখত পৰাৰ লগতে প্ৰায় শতাধিক লোক আক্ৰান্ত হোৱাৰ সময়তে তামুলপুৰত এগৰাকী ছাত্ৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে। বাক্সা জিলা তামুলপুৰ মহকুমাৰ অন্তৰ্গত চাৰাংবাৰী গাঁৱৰ দশম শ্ৰেণীৰ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

চাৰাংবাৰী গাঁওৰ ৰামেশ্ব দাসৰ পুত্ৰ তথা চেইণ্ট জেভিয়াৰ স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ ১৫ বছৰীয়া হীৰক জ্যোতি দাস  জ্বৰত আক্ৰান্ত হোৱাত পৰিয়ালৰ লোকে স্থানীয় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎকৰ পৰামৰ্শ মতে চিকিৎসা কৰি থাকে যদিও ১৯ জুলাইত স্বাস্থ্যৰ  অৱনতি ঘটাত ৰঙিয়াৰ পলিক্লিনিক নাৰ্ছিং হোমত ভৰ্তি কৰে কিন্তু স্বাস্থ্যৰ অৱনতি হোৱাত চিকিৎসকে গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ দিয়ে।

সেই মৰ্মে পৰিয়ালৰ লোকে ছাত্ৰজনক উত্তৰ গুৱাহাটীৰ জি এন আৰ চিত ভৰ্তি কৰায়। ১৯ জুলাইৰ পৰা আই চি ইউত চিকিৎসাধীন ছাত্ৰগৰাকীৰ স্বাস্থ্যৰ কোনো পৰিবৰ্তন নোহোৱাত পৰিয়ালৰ লোকে চিকিৎসকৰ সতে আলোচনা মৰ্মে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰায়।