newsnextone.com | সোণতলীঃ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ সোণতলীৰ ছমৰীয়াপামবাসীয়ে যোৱা তিনি বছৰে দেখা নাই বিদ্যুতৰ পোহৰ৷ যি সময়ত পৰিৱৰ্তন কামী চৰকাৰ খনে ২৪ ঘণ্টাই বিজুলী যোগান ধৰাৰ প্ৰতিশ্ৰুতি দি কেন্দ্ৰ বিজেপি চৰকাৰে সকলো গাঁৱতে বিদ্যুতৰ সংযোগ দিয়া বুলি দাবী কৰিছে তেনে সময়তে ৰাজ্যৰ ৰাজধানীৰ পৰা মাথো প্ৰায় ৬০ কিঃ মিঃ নিলগৰ এখন গাঁৱত নাই বিদ্যুতৰ সংযোগ৷ যাৰ ফলত নিৰ্বাচনৰ পূৰ্বে দিয়া সকলো প্ৰতিশ্রুতি ফুটুকাৰ ফেন হৈ পৰিছে বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰে৷ ফলত পোহৰ দেখিবলৈ পোৱা নাই ৰাইজে৷ 

স্বাধীনতা ৭০ বছৰৰ পাছত গাঁও খনে ২০০১ চনত লাভ কৰিছিল বিদ্যুতৰ সংযোগ৷ যোৱা ৫টা বছৰে বিদ্যুতৰ পোহৰ লাভ কৰিলে যদিও তিনিবছৰ পূৰ্বে ট্ৰেন্সফৰ্মাৰটো বিকল হৈ পৰে। বাৰে বাৰে এই খবৰ বিভাগক দিয়া হৈছিল যদিও বিভাগে আজিলৈ গুৰ্ত্ব প্ৰদান নকৰিলে। ফলত যোৱা তিনিটা বছৰে এন্ধাৰত পাৰ কৰিব লগা হৈছে সময়।

ঘৰে ঘৰে ২৪ ঘণ্টাই বিদ্যুৎ সেৱা প্ৰদান আৰু ঘৰে ঘৰে সংযোগ দিয়াৰ শ্ল'গান দিছিল চৰকাৰে ৷ বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে থাকিল ছমৰীয়াপাম গাঁওবাসীৰ বাবে৷ দক্ষিণ কামৰূপ জিলাৰ বকো বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত সোণতলীৰ ছমৰীয়াপাম গাওঁবাসীয়ে তিনিবছৰে বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ আছে৷ 

বিদ্যুতৰ সংযোগ থকা গাওঁখনত বিদ্যুতৰ ট্ৰান্সফৰ্মাটো বিকল হৈ পৰাৰ ফলতেই যমৰ-যাতনা ভোগ কৰিব লগা হৈছে৷ স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে বাৰম্বাৰ অৱগত কৰাৰ পিছতোঁ আজি পৰ্যন্ত বিদ্যুৎ বিভাগে ট্ৰান্সফৰ্মাৰটো মেৰামতি অথবা বদলি কৰিবলৈ আহৰি পোনা নাই বিভাগে। যাৰ ফলত বিদ্যুতৰ পোহৰ অবিহনে দিন কটাবলগীয়া হৈছে গাওঁবাসীয়ে৷ গেলা গৰমত অতিষ্ঠ হৈ পৰিছে ছমৰীয়াপামবাসী৷

একাংশ লোকে আমি আমাৰ লৰা-ছোৱালীক প্ৰযুক্তি বিদ্যাৰ যুগত বিদ্যুতৰ পোহৰত পঢ়াব নোৱাৰিলো সেইটো আমাৰ দুৰ্ভাগ্য বুলি কয়৷ newsnextone.comৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ সন্মুখত এগৰাকী বৃদ্ধই চকুলো টুকি কয় যে বিধায়ক সহ বিভাগৰ লোকসকলে আমাক পোহৰ দিব নোৱাৰিলে৷ বৰ দুখ পাও বোপা৷ আমি মোবাইল চাৰ্জ দিবলৈ আনৰ ঘৰত যাব লাগে৷ সন্তানে আমাক লাজ দিয়ে অ’ বোপা, লাজ দিয়ে বুলি কয় লোকগৰাকীয়ে৷

বিদ্যুৎ অবিহনে সমস্যাত পৰিছে কেইবাশতাধিক পৰিয়ালে৷ চাকিৰ পোহৰত লিখা-পঢ়াৰ কৰিব লগা হয়  ছাত্ৰ-ছাত্ৰীয়ে। কৃষকে পথাৰত বিদ্যুৎ অবিহনে মটৰ চলাব পৰা নাই৷  তিনি কিলোমিটাৰ বাট অতিক্ৰম কৰি পকেটৰ ধন খৰচ কৰি মোবাইল চাৰ্জ দিবলগীয়া হৈছে৷

কেন্দ্ৰীয় চৰকাৰে ডিজিটেল ইণ্ডিয়াৰ সপোন দেখুওৱাৰ সময়তে আজিও বহু গাঁও এন্ধাৰত ডুব গৈছে। ২৪ ঘণ্টাই বিদ্যুতৰ সেৱা প্ৰদানৰ প্ৰতিশ্ৰুতিক ছমৰীয়াপাম গাঁও খনে ইতিকিং কৰা পৰিলক্ষিত হৈছে।