newsnextone.com | গোৰেশ্বৰঃ প্ৰাণজিতে আজি কালি মাতৃৰ সহায় নহ'লে ঘৰৰ পৰাই ওলাবই নোৱাৰা৷ কালিলৈ তজ বজাই থকা, পথাৰত কাম কৰিবলৈ গৈ চিঞৰ-বাখৰ কৰি ধেমালি কৰা  প্ৰাণজিতে লাখুটি লৈ ঘৰৰ বাহিৰলৈ ওলায়৷ ওচৰ-চুবুৰীয়াই প্ৰাণজিত তেনে অৱস্থাত দেখি হায় হায় কৰে৷ হঠাৎ কি হ'ল প্ৰাণজিতৰ কোনেও নাজানে৷

কৰ্ম কৰি কৰি খোৱা আৰু পৰিয়ালক সহায় কৰা প্ৰাণজিতৰ জীৱন ঠিকে-ঠাকে চলিছিল৷ কেতিয়াবা খেতি পথাৰলৈ গৈ কাম কৰিছিল ৷ সময়মতে মহাবিদ্যালয়লত উপস্থিত হৈ নিয়াৰিকৈ পঢ়া-শুনাও কৰি গৈছিল৷

বহু কষ্টৰে সুখ-দুখৰ মাজেৰে পৰিয়ালটোক পোহ-পাল দিয়াত পিতৃহীন প্ৰাণজিতে সহায় কৰিছিল পৰিয়ালক৷ ব্যক্তিগত কোম্পানীত হলেও কাম কৰি ভাগৰি নপৰা প্ৰাণজিতে হঠাতে এদিন  চকুৰে কমকৈ দেখা পোৱা বুলি অনুভৱ কৰে। কেইঘন্টামানৰ ভিতৰতে অমলে কমকৈ দেখা পোৱা অনুভৱ কৰা সন্দেহটোক সঁচা প্ৰমাণিত কৰি প্ৰায় ৯০ শতাংশ নেদেখা হৈ পৰে৷

বিটিএডিৰ বাক্সা-ওদালগুৰি সীমান্তৰ প্ৰাণজিতৰ খবৰটো শুনি পৰিয়াল, ওচৰ-চুবুৰীয়া, সহপাঠী, বন্ধু সকলোৱে হতবাক হৈ পৰে৷ ততাতৈয়াকৈ প্ৰাণজিতক হস্পিতালত ভৰ্তি কৰি চিকিৎসা কৰে যদিও চকু জুৰিৰ অকণো উন্নতি নোহোৱাৰ লগতে ভাল হোৱাৰ হোৱাৰ লক্ষণ দেখা নগ'ল।

বিটিএডিৰ বাক্সা-ওদালগুৰি সীমান্তৰ ২৩ বছৰীয়া যুৱকে দৃষ্টি শক্তি হেৰুৱাই হাহাকাৰ কৰিব লগা হৈছে। বিটিএডিৰ বাক্সা-ওদালগুৰি সীমান্তৰ পানেৰী বিধান সভা সমষ্টিৰ দহলাহাবি গাঁৱৰ যুৱকে অকালতে চকু জুৰি হেৰুৱাই পৰিয়ালৰ সহায়ত জীৱন অতিবাহিত কৰিব লগা হৈছে। জীৱনৰ মাত্ৰ ২৩টা বসন্ত গৰকা এই যুবকজনে যি সময়ত অধ্যয়নৰ লগতে জীৱন জীৱিকাৰ সন্ধানত নামি পৰিব লাগিছিল সেই সময়ত নিজ গৃহতে এক প্ৰকাৰ বন্দীত্বৰ জীৱন কটাব লগীয়া হৈছে । 

অকালতে অন্ধকাৰত ডুব যাব লগীয়া হোৱা যুবকজনক সহায় কৰিবলৈ কোনো নাই। পিতৃ হাৰা প্ৰাণজিতে মাতৃ সাৰদা দাস আৰু ভাতৃৰ সহায়ত জীৱন কটাইছে। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া প্ৰয়াত ৰাজেন দাসৰ পুত্ৰ প্ৰাণজিতে ২০১৩ চনত নাওকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কলা শাখাত উৰ্ত্তীণ হৈ পৰিয়ালৰ পোহপাল দিয়াৰ উদ্দেশ্যে কোম্পানীত কাম কৰিবলৈ আৰম্ভ কৰে। 

কোম্পানীত কাম কৰি পৰিয়ালটোক অকণমান সকাহ দিবলৈ সক্ষম হোৱাৰ সময়তে বিধিৰ বিপাক চকুৰ এক ৰোগত আক্ৰান্ত হয় প্ৰাণজিত। প্ৰথমাৱস্থাত গুৱাহাটী মেডিকেল কলেজ হস্পাতালত চিকিৎসা গ্ৰহণ কৰে প্ৰাণজিতে। কিন্তু দীৰ্ঘদিন ধৰি চিকিৎসা গ্ৰহণ কৰাৰ পিছতোঁ আৰোগ্য নোহোৱাত বন্ধু বৰ্গ, আত্মীয় স্বজনs পৰা আৰ্থিক সাহায্য দিয়াৰ ফলত নেপাল আৰু চেন্নাইলৈ গৈ চিকিৎসা গ্ৰহণ কৰাৰ পিছতোঁ  চকুজুৰি উন্নত ন'হল প্ৰাণজিতৰ। 

বৰং লাহে লাহে দৃষ্টি শক্তি কমি আহি একেবাৰে নেদেখা হ'ল যুৱকজনে। চিকিৎসকৰ মতে অপটিকেল নাৰ্ভৰ বিসংগতিৰ বাবেই দৃষ্টি শক্তি হেৰুৱাব লগা হৈছে যুবকজনে। বৰ্তমান উন্নত চিকিৎসাৰ প্ৰয়োজন যদিও আৰ্থিক দুৰাৱস্থাৰ বাবে থমকি ৰ'ব লগ হৈছে পৰিয়ালটোৱে। মাতৃ সাৰদা দাসে এতিয়া লোকৰ ঘৰত কাম কৰি পুত্ৰক চিকিৎসা কৰাব লগা হৈছে। আনহাতে চকুৰ সম্মুখতে সন্তানৰ এনে অৱস্থাৰ কথা চিন্তা কৰি দুচিন্তাত সময় পাৰ কৰিছে মাতৃ। 

আৰ্থিক সহায় বিচাৰি পানেৰী সমষ্টিৰ বিধায়িকা কমলি বসুমতাৰীক আবেদন জনায় যদিও সহাৰি লাভ নকৰিলে। এতিয়া স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰি প্ৰাণজিতে বিচাৰিছে সহায়। পৰিয়ালটোৱে কোনো লোকে প্ৰাণজিতত সহায় কৰিব বিচাৰিলে ৮৪৭২০০২০৯০ নম্বৰৰ মোবাইলত যোগাযোগ কৰিবলৈ আহ্বান জনায়। 
 ‎