বিশেষ বাতৰি..

 

  • এছিয়ান গেমছত ভাৰতলৈ সুখবৰ। পুৰুষৰ ডাবল ট্ৰেপ শ্বুটিঙত ৰূপৰ পদক জিনিলে ১৫ বছৰীয়া ছাৰ্দুল বিহানে। টেনিছত অংকিতা ৰাইনাই জিনিলে ব্ৰঞ্জৰ পদক। এইপৰ্যন্ত এছিয়ান গেমছত ভাৰতে দখল কৰিছে ৪টা সোণ, ৪টা ৰূপ আৰু ৯টা ব্ৰঞ্জৰ পদক।

 

  • দীপক কুমাৰ শৰ্মাক অসম লোকসেৱা আয়োগৰ নতুন ভাৰপ্ৰাপ্ত অধ্যক্ষৰূপে নিযুক্তি। APSCৰ জ্যেষ্ঠ সদস্য আছিল অৱসৰপ্ৰাপ্ত IAS বিষয়া দীপক কুমাৰ শৰ্মা।

 

  • মৰিগাঁৱৰ লাহৰীঘাটত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া। লুইতৰ বুকুত জাহ যোৱাৰ উপক্ৰম জিলা গ্ৰামোন্নয়ন আৰু জলসম্পদ বিভাগে নিৰ্মাণ কৰা ২৩ কোটিটকীয়া মথাউৰি।

 

  • বানৰ পিছত নুমলীগড়ত খহনীয়াৰ কালৰূপ। দুখুতিমুখ, চেঁচামুখ, মিঠাআম চাপৰি আদি গাঁৱত বিভীষিকাৰ সৃষ্টি কৰিছে ধনশিৰিৰ খহনীয়াই। চেঁচামুখ গাঁৱৰ ১৫টা পৰিয়ালৰ ঘৰ মাটি ইতিমধ্যেই জাহ গ’ল নদীৰ বুকুত।

 

  • তিনিচুকীয়াৰ বৰডুমচাৰ ২নং মহং গাঁৱৰ পৰা দুই ছাত্ৰী নিৰুদ্দেশ। ২০ আগষ্টৰ পৰা সন্ধানহীন হৈ আছিল ছাত্ৰী দুগৰাকী।মহাত্মা গান্ধী হাইস্কুলৰ ছাত্ৰী দুগৰাকীৰ নাম কৰবী ওৰাং আৰু দিয়া মূড়া। ঘটনা সন্দৰ্ভত ছাত্ৰী দুগৰাকীৰ পৰিয়ালে বৰডুমচা থানাত দাখিল কৰিছে এজাহাৰ।

 

  • বোকাখাত থানাত ড্ৰাগছ সৰবৰাহকাৰীৰ আত্মসমৰ্পণ। আত্মসমৰ্পণ কৰা সৰবৰাহকাৰীটো নুমলীগড়ৰ ইকবাল গাজী।দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহাৰে জড়িত আছিল ইকবাল। চিৰাজ আহমেদ আৰু বাবা কছাৰী নামৰ ড্ৰাগছ ব্যৱসায়ী দুজনৰ সৈতে মিলি চলাই আহিছিল ড্ৰাগছৰ ব্যৱসায়। চিৰাজ আৰু বাবা কছাৰীক ৰাইজে কৰায়ত্ত কৰি গতাই দিছিল আৰক্ষীক।

 

  • জাগীৰোডৰ জাগীভকত গাঁৱত মৃতদেহ উদ্ধাৰ। পুখুৰীত ওপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। মৃত লোকজন মৰিগাঁৱৰ চিতাবাৰীৰ জিতেন্দ্ৰ কেওট বুলি চিনাক্ত। জাগীভকত গাঁও গড়কাপ্টানী কাৰ্যালয়ৰ চকীদাৰ আছিল কেওট।

 

  • চামগুৰিৰ জীয়াজুৰিত দুই যুৱতী সন্ধানহীন। মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছে যুৱতী দুগৰাকী। জাতিগত প্ৰমাণ পত্ৰ নিবলৈ আহি সন্ধানহীন হোৱা যুৱতী দুগৰাকীৰ নাম উজ্বলতা ভূঞা আৰু মামণি মুণ্ডা। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে চামগুৰি থানাত দাখিল কৰিছে এজাহাৰ।

 

  • কেৰালাৰ বান মানৱসৃষ্ট। ৭৮০ মেগাৱাটৰ ইদুক্কি বান্ধৰ বাবেই কেৰালাত সৃষ্টি হ’ল ভয়ংকৰ পৰিস্থিতিৰ। তেনেস্থলত অৰুণাচলৰ ১৬৮টা নদী বান্ধৰ পানীয়ে অসম ধূলিস্যাৎ কৰি পেলাব। নামনি সোৱণশিৰিৰ বৃহৎ নদীবান্ধৰ মূল বান্ধ নিৰ্মাণ কৰিছে। লগতে পাৱাৰ হাউছ-টানেলৰ বহু অংশৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছে। ৰঙানদী, কপিলী, দৈয়াঙৰ দুৰ্যোগৰ পৰা শিক্ষা লোৱা নাই চৰকাৰে। নিৰ্মীয়মান বৃহত্‍ নদীবান্ধ বন্ধ কৰাৰ বাদে অন্য বিকল্প নাই বুলিও মন্তব্য অখিল গগৈৰ। 

 

  • চৰাইদেউৰ সাপেখাতীত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ ৰকেট লাঞ্চাৰসদৃশ অস্ত্ৰ উদ্ধাৰ। অসম-অৰুণাচল সীমান্তৱৰ্তী হোলোঙামৰাৰ কানু গগৈৰ চাহ বাগিচাত উদ্ধাৰ হৈছে ২০ কিলোগ্ৰাম ওজনৰ ৰকেট লাঞ্চাৰসদৃশ অস্ত্ৰ।