আজি অষ্টাদশ এছিয়ান গেমছত নিজম বসুমতাৰীৰ খেল, পিছে বজাৰত গাহৰি কাটিয়েই আছে নিজমে

newsnewsnextone.com ।। ডিজিটেল ডেস্কঃ অসম যুগে যুগে প্ৰতাৰিত হৈ আহিছে। প্ৰতাৰিত হৈ আহিছে অসমবাসীয়ে। অসমত ব্ৰিটিছ শাসন কালত বগা ছাহাবে অসমক প্ৰতাৰিত কৰিছিল। এতিয়া চৰকাৰে প্ৰতাৰিত কৰি আহিছে। কিন্তু ইমানেই নহয়। এইবাৰ অসমৰ প্ৰতিভাক, অসমৰ সম্ভাৱনাক প্ৰতাৰণা কৰিলে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়েও।

অসমৰ পৰা যেতিয়া এগৰাকী খেলুৱৈয়ে বিশ্বৰ ৰথী-মহাৰথীক পৰাস্ত কৰি সাফল্যৰ হাঁহি মাৰিবলৈ সক্ষম হয়, তেতিয়া প্ৰত্যেকজন অসমীয়াৰ মুখলৈও সেই হাঁহিৰ আভা চিটিকি পৰে। কিন্তু অসমৰ মাটিতেই সাফল্যৰ কচৰত্ কৰি বিশ্বজয়ৰ সপোন দেখা খেলুৱৈ সকলে বাৰে বাৰে অভিযোগ উত্থাপন কৰি আহিছে যে অসম চৰকাৰ অথৱা কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক পৰ্যাপ্ত গুৰুত্ব প্ৰদান নকৰে। যাৰ ফলত তেওঁলোক বিশ্বজয়ৰ সপোন দেখি অথৱা তাৰ বাবে নিজকে প্ৰস্তুত কৰিও আধাতে থমকি ৰবলগীয়া হয়।

জাকাৰ্টাত চলি আছে অষ্টাদশ এছিয়ান গেমছ। কিন্তু সেয়া এতিয়া টিভিৰ পৰ্দাত দেখি দুখত চকুলো টুকিছে এইখন অসমৰে এজন প্ৰতিভাসম্পন্ন উদীয়মান খেলুৱৈয়ে। বাক্সা জিলাৰ মুছলপুৰৰ নিজম বসুমতাৰী নামৰ ২২ বৰ্ষীয় সমৰকলাবিদ জনে অষ্টাদশ এছিয়ান গেমছত অংশ গ্ৰহণ কৰাৰ বাবে সুযোগ লাভ কৰিও একাংশ তথাকথিত নেতা-বিষয়াৰ মাহী আইৰ দৃষ্টিৰ বাবে নিজৰ সপোন পূৰাবলৈ অক্ষম হৈছে।

অকল নিজমেই নহয়, অসমৰ আন দুগৰাকী খেলুৱৈ লখিমপুৰ ধলপুৰৰ ১৮ বছৰীয়া পম্পি দেউৰী আৰু তেজপুৰৰ ৩৩ বছৰীয়া তন্ময় নাথও পেন্চাক চিলেত নামৰ সমৰকলা খেলবিধত ভাৰতক প্ৰতিনিধিত্বৰ বাবে নিৰ্বাচিত হৈছিল। কিন্তু ভাৰতৰ অলিম্পিক সন্থাই এই সকল অসমীয়া খেলুৱৈৰ প্ৰতিভাক অৱমাননা কৰি নিজম, পম্পি আৰু চন্ময়ৰ বিপৰীতে জাকাৰ্টালৈ প্ৰেৰণ কৰিলে হাৰিয়ানাৰ খেলুৱৈক। 

উল্লেখ্য যে, চলিত জাকাৰ্টা এছিয়ান গে’মছৰ কাৰ্য্যসূচীত ঘোষিত হোৱা অনুসৰি ২২ আগষ্টত তন্ময় নাথৰ, ২৩ আগষ্টত পম্পিৰ আৰু ২৪ আগষ্টত নিজম বসুমতাৰীৰ খেল আছিল। অসমৰ এই ৩ গৰাকী সমৰকলা খেলুৱৈৰ নাম, পৰিচয় আৰু ফটো জাকাৰ্টা এছিয়ান গে’মছে ইতিমধ্যেই প্ৰকাশ কৰিছে।

ভাৰতীয় অলিম্পিক সন্থা আৰু কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰণালয়ৰ অসমীয়া খেলুৱৈৰ প্ৰতি থকা মাহী আইৰ দৃষ্টিৰ এই বিষ্ফোৰক তথ্য বুধবাৰে দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল যোগে ফাদিল কৰে মুছলপুৰৰ সমৰকলাবিদ তথা জাকাৰ্টা এছিয়ান গেমছলৈ নিৰ্বাচিত খেলুৱৈ নিজম বসুমতাৰীয়ে।

নিজমে সংবাদমেলত ফাদিল কৰা তথ্য অনুসৰি, পেন্চাক চিলেতৰ বিশ্ব চেম্পিয়নশ্বিপত ভাগ লোৱা খেলুৱৈৰ তালিকাত ১ নম্বৰত নাম থকা নিজমক বাচনি হোৱাৰ পিছতো তেওঁৰ  বিপৰীতে সংস্থাই  হাৰিয়ানাৰ চিমৰাণ নামৰ এজন খেলুৱৈক জাকাৰ্টালৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, নিজম বসুমতাৰীয়ে মুছলপুৰত গাহৰি কাটি বিক্ৰি কৰি খেলৰ বাবে প্ৰয়োজনীয় খৰছ উলিয়াই লৈছিল। অসমৰ চৰকাৰৰ ক্ৰীড়া বিভাগৰ নূন্যতম গুৰুত্ব প্ৰদানৰ পিছতো একমাত্ৰ বিশ্ব বিজয়ৰ সপোন আৰু আত্মবিশ্বাসৰ বাবে নিজমে নিজক জাকাৰ্টা এছিয়ান গেমছৰ বাবে সক্ষম কৰি তুলিছিল। 

‘মই গাহৰি বিক্ৰী কৰি গে’মছত যোৱাৰ বাবে প্ৰস্তুতি চলাইছিলো। অসম তথা উত্তৰ-পূবৰ খেলুৱৈ সকলৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্ব নাই বুলিয়েই ক’ব পাৰি, কেন্দ্ৰ চৰকাৰে অলপ গুৰুত্ব দিয়া হ’লেও খেলিবলৈ পালোহেঁতেন‘ বুলি আক্ষেপ কৰি এই মন্তব্য নিজমৰ।

 চৰকাৰ বা অলিম্পিক সংস্থাই যোৱাৰ অনুমতি দিলে এতিয়াও নিজৰ খৰচত প্ৰতিযোগিতাখনত ভাগ লোৱাৰ আশা পুহি ৰাখিছে ৮ বছৰ ধৰি এই খেলৰ সৈতে জড়িত হৈ থকা নিজমে।

দেশৰ যুৱ পৰিক্ৰমা আৰু  ক্ৰীড়ামন্ত্ৰী তথা নিজেই এগৰাকী খেলুৱৈ ৰাজ্যৱৰ্ধন সিং ৰাথোড়ে এছিয়ান গে’মছত ভাল প্ৰদৰ্শন দেখুওৱা খেলুৱৈসকলৰ কৃতিত্বৰ আঁৰত কেন্দ্ৰই গ্ৰহণ কৰা উৎসাহদায়ী পদক্ষেপ বুলি দাবী কৰিছে যদিও অসমৰ খেলুৱৈৰ প্ৰতি কৰা বঞ্চনাই অসমীয়া উদীয়মান খেলুৱৈক মানাসিক ভাৱে হতাশগ্ৰস্ত কৰি তুলিব বুলি বহুতে আক্ষেপ প্ৰকাশ কৰিছে।