আমাৰ লক্ষ্য 'News Next One’ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch।
ডিজিটেল ডেস্ক,২৭ আগষ্টঃ কোভিডৰ দ্বিতীয় ঢৌ ক্ৰমান্বয়ে কমি অহাৰ ফলত ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠানসমূহ পৰ্যায়ক্ৰমে অহা ছেপ্টেম্বৰ মাহৰ প্রথম সপ্তাহৰ পৰা খোলাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ আজি অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে অহা ছেপ্টেম্বৰ মাহৰ প্রথম সপ্তাহৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষ, স্নাতক চূড়ান্ত বর্ষ আৰু স্নাতকোত্তৰ অন্তিমবর্ষৰ শ্রেণীসমূহ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ এই সিদ্ধান্তৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে ইয়াৰ বাবে ১৮ বছৰ বয়সৰ ঊর্ধ্বৰ শিক্ষার্থীসকলে ক’ভিডৰ প্রথমটো ভেকচিন লোৱাটো বাধ্যতামূলক৷ শিক্ষক–শিক্ষয়িত্রী আৰু কর্মচাৰীসকলে ক’ভিড ভেকচিন ল’ব লাগিব৷ভেকচিন নোলোৱা সকলৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি ভেকচিন প্ৰদান কৰিব৷
প্রথম পালি ভেকচিন গ্রহণ কৰা শিক্ষার্থীহে শ্রেণীত উপস্থিত থাকিব পাৰিব৷ ইয়াৰ পৰিপ্রেক্ষিতত আজিৰ পৰা অহা ৫ ছেপ্টেম্বৰৰ খণ্ড প্রাথমিক শিক্ষা বিষয়া, জিলা প্রাথমিক শিক্ষা বিষয়া, বিদ্যালয়পৰিদর্শক কার্যালয় আৰু সকলো বিশ্ববিদ্যালয় চৌহদত ক’ভিডৰ মেগা ভেকচিন শিবিৰ অনুষ্ঠিত হ’ব৷ সেইদৰে ছাত্রাৱাস আৰু ছাত্রী নিৱাসসমূহ খোলাৰ ক্ষেত্রতো কেবিনেটে মত পোষণ কৰে৷শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে কয় যে ছাত্রাৱাস–ছাত্রী নিৱাস খোলাৰ ক্ষেত্রত আৱাসীসকলে ক’ভিডৰ দুয়োটা পালি ভেকচিন গ্রহণ কৰিবই লাগিব৷তেতিয়াহে ছাত্রাৱাস–ছাত্রী নিৱাসসমূহ খুলি দিয়া হ’ব৷ শিক্ষানুষ্ঠান খোলা সম্পর্কত অহা ৩১ আগষ্ট বা তাৰ পূর্বেই শিক্ষা বিভাগে এছ অ’ পি প্রকাশ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷
আনহাতে, ক’ভিড পৰিস্থিতিৰ অধিক উন্নতি ঘটিলেহে অহা ১৫ ছেপ্টেম্বৰৰ পৰা অন্যান্য শ্রেণীসমূহো পর্যায়ক্রমে আৰম্ভ হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷
ৰাজ্য চৰকাৰৰ এক সূত্রই আৰু কয় যে অহা ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আন্তঃজিলা যাতায়াতো মুকলি হ’ব৷ ৫০ শতাংশ যাত্রীৰে বাছ–মটৰৰ চলাচল আৰম্ভ হ’ব৷ সান্ধ্য আইনৰ সময়ো হ্রাস পাব৷
আনহাতে কোভিডৰ তৃতীয় ঢৌৰ আশংকাত আছে সকলো৷ইতিমধ্যেই দেশত পুনৰ কোভিড সংক্ৰমণ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷এনে পৰিপ্ৰেক্ষিতত কিদৰে পাঠদান হব অথবা পৰিৱেশ সাধাৰণ হব সেয়া সময়েহে কব৷