ডিজিটেল ৰিপ'ৰ্টঃ ধলা-শদিয়া সংযোগী ভূপেন হাজৰিকা সেতুৰ ওপৰত যিকোনো মুহূৰ্ততে সংঘটিত হ’ব পাৰে আক্ৰমণ। এই লৈ উদ্বোধনৰ এমাহ নৌহওতেই ভয়ত কপিবলগীয়াত পৰিছে দেশৰ দীৰ্ঘতম সেতুখনে। আক্ৰমণৰ আশংকাৰ কথা অসম আৰক্ষীয়েও স্বীকাৰ কৰিছে।
দেশৰ আগশাৰীৰ ইংৰাজী দৈনিক 'টাইমছ অব ইণ্ডিয়া’ত প্ৰকাশ পাইছে এই বাতৰি। অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান (স্পেচিয়েল ব্ৰাঞ্চ) পল্লব ভট্টাচাৰ্যৰ উধৃতি দি বাতৰিটোত কোৱা হৈছে যে দলংখনৰ গুৰুত্ব বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে এনেদৰে কূটাঘাতকাৰীসকলৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে।
'শেহতীয়াকৈ আমি চোৰাংচোৱা সূত্ৰৰ পৰা দলংখনত কূটাঘাত সংঘটিত হ’ব পাৰে বুলি খবৰ লাভ কৰিছো। আন্তঃৰাজ্যিক দলং হোৱা বাবেই ইয়াৰ গুৰুত্ব অপৰিসীম।’-টাইমছ অব ইণ্ডিয়াৰ আগত এইদৰে কয় আৰক্ষী বিষয়াগৰাকীয়ে। তেওঁ আৰু কয় যে আক্ৰমণ আংশকাৰ পিছতে দলংখনত নিৰাপত্তা পূৰ্বৰ তুলনাত কেবাগুণে বৃদ্ধি কৰা হৈছে। অৱশ্যে আক্ৰমণৰ ভাবুকি সন্দৰ্ভত সবিশেষ তথ্য জানিব পৰা হোৱা নাই বুলিও তেওঁ সদৰী কৰে।
উল্লেখ্য যে, ধলা-শদিয়া সংযোগী দলং নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতে অসম আৰু আৰুণাচলৰ মাজৰ দূৰত্ব ১৬৫ কিলোমিটাৰ হ্ৰাস পায়। যোৱা ২৬ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা ৯.১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনলৈ গুৱাহাটীৰ পৰা দূৰত্ব ৫৪০ কিলোমিটাৰ। ইয়াৰ বিপৰীতে গুৰুত্বপূৰ্ণ চীন সীমান্তৰ পৰা দলংখনলৈ আকাশপথেৰে দূৰত্ব মাত্ৰ ১০০ কিলোমিটাৰ।
ইফালে দলংখন উদ্বোধনৰ দুদিন পিছতে ২৮ মে’ত চীনা সংবাদ মাধ্যমত ভাৰতক সতৰ্ক কৰি দি অৰুণাচল প্ৰদেশত কোনো ধৰণৰ আন্তঃগাথনি উন্নয়নৰ কাম কৰাৰ পূৰ্বে এশবাৰ ভাবি চাবলৈ কোৱা হৈছিল। কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰণালয়ৰ তথ্য মতে, ভূমিকম্প বা আন তেনে ধৰণৰ সম পৰ্যায়ৰ কম্পনৰ পৰা ৰক্ষা কৰিবলৈ দলংখনত ব্যৱহাৰ কৰা হৈছে ১৮২ টা বিশেষ পিলাৰ।
আনহাতে এই দলংখনেৰে অতি সহজে কঢ়িয়াই নিব পৰা যাব যুদ্ধত ব্যৱহৃত টেংক। এনেধৰণে প্ৰায় প্ৰতিটো ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ হৈ পৰা দলংখনক শত্ৰু পক্ষই আক্ৰমণৰ লক্ষ্য কৰি লোৱাত উদ্বিগ্ন হৈ পৰিছে দেশৰ নিৰাপত্তা সংস্থাসমূহ।