কামপুৰঃ এসপ্তাহ পাৰ হোৱা পাছতো সন্ধান নাই কামপুৰ পলসা গাঁৱত হাৰিয়া নদীত বায়েকৰ লগত গা ধুবলৈ গৈ ৪ বছৰীয়া এটি শিশুটিৰ। বৰ্তমানলৈকে স্থানীয় লোক আৰু SDRF বাহিনীৰ লোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত সন্ধান পোৱা নাই ৪ বছৰীয়া শিশুটিৰ। সন্ধানহীন শিশুটোৰ নাম বিশাল বিশ্বাস। 

সন্ধানহীন শিশুটি ২০ জুলাইত বায়েক মাধৱী বিশ্বাসৰ লগত হাৰিয়া নদীত গা ধুবলৈ গৈছিল, কিন্তু সৌভাগ্য ক্ৰমে মাধৱী বিশ্বাসক স্থানীয় এজন লোকে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।