newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লী উচ্চ ন্যায়ালয়ে ভিভিআইপিক গাড়ীৰ পঞ্জীয়ন আৰু নম্বৰ প্লেট ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে৷ আদালতৰ নিৰ্দেশ মতে, ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, ৰাজ্যপাল যিয়ে নহওক কিয় সকলোৰে গাড়ী পঞ্জীয়ন কৰাটো ব্যধ্যতামূলক৷ প্ৰতিখন গাড়ীত নম্বৰ প্লেট থাকিবই লাগিব৷

দিল্লী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ গীতা মিত্তাল, ন্যায়াধীশ হৰিশংকৰৰ আদালতে প্ৰতিখন যান-বাহনক ১৯৮৮ চনৰ যান-বাহন আইন মতে অনুমোদন হ’ব লাগিব আৰু নম্বৰ প্লেট থাকিব লাগিব বুলি কয়৷ যান-বাহন নিৰ্দেশ মানিছে নে নাই তাকো চাবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে৷

‘নয়া ভূমি’ নামৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানে দাখিল কৰা আবেদনৰ শুনানি অনুষ্ঠিত কৰি এই নিৰ্দেশ দিয়ে আদালতে৷ স্বেচ্ছাসেৱী অনুষ্ঠানৰ মতে, জাতীয় প্ৰতীক ৰক্ষা কৰিব গলে বিশষ্ট নাগৰিকসকলে বিপদত পৰিব পাৰে৷ যদি পঞ্জীয়ন নাথাকে কোনো অইন গাড়ীয়ে যদি তেওঁলোকৰ গাড়ীত খুন্দা মাৰে তেন্তে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাৰ লগতে ক্ষতিপূৰণ আদায় কৰিব নোৱাৰিব৷ 
 
এই কাৰ্যাৰ দ্বাৰা দেশৰ নাগৰিকে অৱগত হ’ব কোনো বিশিষ্ট নাগৰিকে আইন শৃংখলা ভংগ কৰিলে সাৰি যাব নোৱাৰে৷ কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰীক প্ৰশ্ন কৰি ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, ৰাজ্যপাল, উপ-ৰাজ্যপালৰ দৰে অধিকাৰীক কোৱা হওক তেওঁলোকে ব্যৱহাৰ কৰা গাড়ীৰ পঞ্জীয়ন কৰাৰ বাবে৷