newsnestone.com | মোৰাঝাৰঃ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ কেন্দ্ৰীয় সভাপতি ৰাজনাথ সিঙে গোগা মুখলৈ গৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবী জনাইছিল। নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোডীয়ে উত্তৰ পূৰ্বাঞ্চলত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰা নহয় বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু দুৰ্ভাগ্যজনক কথা ক্ষমতালৈ অহাৰ পাছত বিজেপি দল আৰু চৰকাৰে বৃহৎ নদীবান্ধৰ সমৰ্থনত বক্তব্য দাঙি ধৰা দেখা গৈছে।

চৰকাৰে শক্তি প্ৰয়োগ কৰি নামনি সোৱণশিৰি প্ৰকল্প নিৰ্মাণৰ বাবে অপচেষ্টা কৰিছে। এতিয়া প্ৰশ্ন হল পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি বিজেপি চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত সকলো ধৰণৰ বৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম বন্ধ কৰিব পাৰিবনে? নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ওপৰত প্ৰকাশিত সকলোবোৰ বিজ্ঞানসন্মত অধ্যয়নে প্ৰমাণ কৰিছে যে এই এন এইচ পিচিৰ দ্বাৰা নিৰ্মাণ কাৰ্য চলি থকা এই প্ৰকল্পটো মুঠেই নিৰাপদ নহয় আৰু এই প্ৰকল্পটোৰ প্ৰভাৱ নামনি অংশত অৰ্থাৎ অসমত ভয়াবহ ভাবে পৰিব।

প্ৰকল্পটোৰ কাম এন এইচ পিচিয়ে গোপনে নিৰ্মাণ কৰি আছে। এই কাম বন্ধ কৰা দাবী আৰু চীন, ভূটান, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আদিত প্ৰস্তাবিত আৰু নিৰ্মীয়মান সকলো বৃহৎ নদীবান্ধ বন্ধ কৰা তথা ইতিমধ্যেই নিৰ্মিত প্ৰকল্প বোৰৰ কুপ্ৰভাৱ মূল্যায়ন কৰি সেইবোৰ পৰ্যায়ক্ৰমে ‘ডি কমিছন’ কৰাৰ দাবীত আৰু অসমৰ বানপানী তথা গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ দাবীত ৰাজ্যজুৰি কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট। 

লগতে হোজাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শুকুৰবাৰে কেবা শতাধিক লোকে দিনৰ ১১ বজাৰ পৰা ২ ঘন্টিয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।হোজাই জিলা উপায়ুক্তৰ জৰিয়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হোজাই জিলা সমিতিয়ে পাঁচটা দাবী সন্মিলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰী লৈ প্ৰেৰণ কৰে৷