newsnextone.com।ৰঙিয়াঃ ৰঙিয়া চহৰৰ মাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানত বুধবাৰে দিনৰ ভাগত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনা ফলত সাত জন ব্যক্তি আহত হোৱাৰ লগতে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

জানিব পৰামতে বুধবাৰে দিনৰ ভাগত বৰপেটা দিশৰ পৰা তীব্ৰ গতিত অহা সেউজীয়া ৰঙৰ বলেৰ' গাড়ী এখনে ৰঙিয়া পোৱাৰ লগে লগে বিপৰীত দিশৰ পৰা অহা এ এচ-০১ এ এইচ-৮৩৬৪ নম্বৰৰ বাইকখনত খুন্দা মৰে।

ফলত বাইক আৰোহী দুজন গুৰুতৰ ভাবে আহত হয়। আনহাতে বলেৰ' গাড়ীখনত থকা বৰপেটাৰ একেটা পৰিয়ালৰ ক্ৰমে আব্দুল মালিক, জহুৰা খাতুন, ওৱাহেদুল হুছৰইন, জাহিদা খাতুন আৰু আব্দুল শ্বৰিফ নামৰ ব্যক্তি কেইজন আহত হয়। আহত কেইজনক জি এম চি এইছলৈ প্ৰেৰণ কৰা হয়।

ইফালে দুৰ্ঘটনাত আহত বাইক আৰোহী দুজন ৰঙিয়া বিজুলি নগৰৰ গিয়াছুদ্দি আহমেদ আৰু তেওঁৰ পত্নী মিনা বেগম বুলি জানিব পৰা গৈছে।