newsnextone.com | তেজপুৰঃ নদীবান্ধৰ প্ৰসংগত বিজেপি সভাপতি ৰঞ্জিত দাসে কৰা মন্তব্যই সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে সভাপতি ৰঞ্জিত দাসে শুকুৰবাৰে তেজপুৰত সংবাদ মাধ্যমৰ ওচৰত পাভ লুটি মৰা দেখা গ’ল। সংবাদ মাধ্যমৰ ওচৰত দাসে কয় যে, নদীবান্ধৰ জৰিয়তে মানুহৰ ক্ষতি নোহোৱাতো মই পোষকতা কৰো। দ্ৰৰিদ্ৰ মানুহৰ ক্ষতি নোহোৱাকৈ ক্ষুদ্ৰ বা বৃহৎ নদীবান্ধ হওক। 

ইফালে, নদী বান্ধ সম্পৰ্কত দল সংগঠনৰ লগত আলোচনাত মিলিত হোৱা বুলি কৈছে যদিও অনুমতি সাপেক্ষে উল্লেখ কৰা নাই বুলিও দোহাৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে। আনহাতে, আগন্তক লোকসভা নিৰ্বাচনত অসমৰ ১৪ খন আসনতে বিজেপি জয় হ’ব বুলি উল্লেখ কৰি কয় যে মিত্ৰতা সৰ্ম্পকত  বিজেপি ৰাষ্ট্ৰীয় সমিতিৰ সভাপতি , অগপ সভাপতি, বিপিএফৰ সভাপতিৰে আলোচনা কৰি চুড়ান্ত সিদ্ধান্ত লোৱা হব। 

কোন দলে কেইখন আসন পাব তাৰ সিদ্ধান্ত পৰবৰ্তী সময়ত লোৱা হ’ব আৰু বৰ্তমান সকলোৱে সন্মিলিত ভাবে এনডিএৰ উন্নয়ণৰ বাবে কাম কৰি যাব লাগিব বুলিও কয় ৰঞ্জিত দাসে৷ লগতে নৰেন্দ্ৰ মোডীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰি বিজেপিয়ে উত্তৰ পুৰ্বাঞ্চলৰ পাঁচ খন ৰাজ্যৰ উন্ননয়ৰ ক্ষেত্ৰত সদায় কাম কৰি যাব বুলি আশ্বাস প্ৰদান কৰে দাসে৷ সভাত অংশ লোৱাৰ পিছতে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে তেজপুৰৰ বিভিন্ন দলীয় কৰ্মচাৰী লগত আলোচনাত মিলিত হয়।