newsnextone.com।টীয়কঃ অসমীয়া সমাজত বছৰৰ বাৰ মাহৰ ভিতৰত ভাদমাহ অন্যতম পবিত্ৰ মাহ। নিয়ম অনুসৰি ৰাজ্যৰ প্ৰতিটো নামঘৰতে আৰম্ভ হৈছে নিয়মীয়া নাম প্ৰসঙ্গ। টীয়কৰ ঐতিহাসিক শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰতো আৰম্ভ হৈছে চাৰি প্ৰসঙ্গ নাম কীৰ্তন৷

পুৱাৰ পৰা সন্ধ্যালৈ গোটেই ভাদ মাহটোত নিৰবিচ্ছন্ন ভাৱে চলিব চাৰি  প্ৰসঙ্গ নাম কীৰ্তন৷ পবিত্ৰ ভাদ মাহৰ নাম মহোৎসৱত ৰাজ্যৰ মংগল কামনা কৰি ঐতিহাসিক শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰত বুধবাৰে আশীষ ল'লে ৰাজ্যিক বিজেপিৰ সভাপতি ৰনজিৎ দাস আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই। দুয়োজনে ৰাজ্যৰ মংগল কামনা কৰি ঢেকীয়াখোৱা বৰনামঘৰত শৰাই আগবঢ়াই আৰ্শীবাদ গ্ৰহণ কৰে।