newsnextone.com।নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ অন্তৰ্গত ধনীয়াভেটিৰ চৌৰাপাৰাত যোৱা ২৫ আগষ্ট তাৰিখে সংঘটিত হৈছিল এক জঘন্য ঘটনা। এগৰাকী বিধৱাক ধৰ্ষণৰ চেষ্টা চলাইছিল একে গাঁৱৰে আবুল কাছেম নামৰ এজন লম্পটে। অসহায় মহিলা গৰাকীয়ে নিজৰ আত্মৰক্ষাৰ বাবে দাৰে ঘপিয়াই গুপ্তাংগ কাটি পেলাইছিল লম্পট কাছেমৰ।

ঘটনাটোৰ প্ৰতি ৰাজ্যৰ সৰ্বত্ৰে অসহায় বিধৱা মহিলাগৰাকীৰ এনে সাহসিকতাৰ বাবে ইতিমধ্যে সকলোৱে শলাগ লৈছে৷ আনকি ছ’চিয়েল মিডিয়াটো তোলপাৰ লগাইছে মহিলাগৰাকীৰ এনে সাহসিকতাই। চৌৰাপাৰাৰ বিধৱা মহিলা আজুফা বেগমক বুধবাৰে ২০১৮ বৰ্ষৰ সাহসিকতাৰ বঁটা প্ৰদান কৰে 'যুজাৰু দ্যা ফাইটাৰ্চ' নামৰ মহিলা সংগঠনটোৱে।

বুধবাৰে দুপৰীয়া সংগঠনটোৱে চৌৰাপাৰাত এখনি সজাগতা সভাৰ আয়োজন কৰি সভাত মহিলা গৰাকীক সাহসিকতাৰ বঁটা প্ৰদান কৰে সংগঠনটোৰ সভানেত্ৰী জোনমণি দেৱী খাউণ্ডে। সজাগতা সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ছাহিদা আহমেদ সহ সংগঠনটোৰ কেইবাগৰাকী সদস্য উপস্থিত থাকি ৰাইজৰ আগত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়৷ সভাত অঞ্চলটোৰ পুৰুষ-মহিলা সহ প্ৰায় পাঁচ শতাধিক ৰাইজ উপস্থিত থাকে।