newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত হাইডুবিত সংঘটিত হ’ল মানৱতাক লজ্জানত কৰা এক নাবালিকাক ধৰ্ষণকাণ্ডৰ ঘটনা। বটদ্ৰৱাৰ ভোমোৰাগুৰি লালুং গাঁৱত মাত্ৰ কেইটামান মাহ পূৰ্বে এগৰকী নাবালিকাক মানবতাৰ নামত কলংক কেইটামান নৰপিশাচে ধৰ্ষণ কৰি জ্বলাই হত্যা কৰাৰ পিছত যোৱা সপ্তাহত ধনীয়াভেটি চৌৰাপাৰাত এগৰাকী বিধৱা মহিলাক ধৰ্ষণৰ চেষ্টা চলাওতে সাহসী মহিলা গৰাকীৰ দাৰ ঘাপত গুপ্তাংগ কটা গৈছিল কাছেম আলী নামৰ লম্পট জনৰ।

সেই চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ বটদ্ৰৱাৰ হাইডুবি গাঁৱত ধৰ্ষণৰ বলি হ’বলগা হ’ল এগৰাকী ১৪ বছৰীয়া নাবালিকা৷ বৃহস্পতিবাৰে নিশা  নাবালিক গৰাকীয়ে ঘৰৰ বাহিৰলৈ যোৱাৰ লগে লগে আগৰে পৰা খাপ পিটি থকা একে গাঁৱৰে লম্পট ছাদিকুল ইছলাম নামৰ পাষণ্ডজনে নাবালিকা গৰাকীক মুখত সোপা দি যৌন নিৰ্যাতন চলায়।

পাছত পাষণ্ড ছাদিকুল ইছলামে চলোৱা নিৰ্যাতনৰ কথা পিতৃ-মাতৃক অবগত কৰাত নাবালিকা গৰাকীৰ পিতৃয়ে শুকুৰবাৰে  বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল কৰাৰ পিছতেই বটদ্ৰৱা আৰক্ষীয়ে পাষণ্ড নৰপিশাচ ছাদিকুল ইছলামক বিচাৰি তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে, ছাদিকুল ইছলাম এজন বিবাহিত পুৰুষ আৰু এটি কনমানি সন্তানৰ পিতৃ। এজাহাৰত প্ৰকাশ যে, ঘটনা সংঘটিত হোৱাৰ পিছত ছাদিকুল ইছলামৰ সহযোগী বাহাৰুল ইছলাম আৰু আশ্বাবুল ইছলামে নাবালিকাৰ পিতৃক ঘৰ দুৱাৰ ভাঙি জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰে।

বিগত কেইটামান মাহৰ ভিতৰত নগাঁও জিলাৰ পশ্চিমাঞ্চলত নাৰী নিৰ্যাতন, বাল্য বিবাহ, ধৰ্ষণ, অবৈধ মাৰনাস্ত্ৰ উদ্ধাৰ আদি বিভিন্ন অসামাজিক কাৰ্যকলাপ বৃদ্ধিত সচেতন মহল চিন্তিত হৈ পৰিছে।