newsnextone.com | গোৰেশ্বৰঃ কোনোবাজনৰ মৃত্যুক সহজেই ল’ব নোৱাৰে একো একোখন ঠাইৰ লোকে৷ মৃত্যু চিৰন্তন সত্য যদিও কেতিয়াবা কাৰোবাৰ মৃত্যুক সহজে লব নোৱাৰে৷ তেনেই এক মৃত্যুক সহজেই লব পৰা নাই গোৰেশ্বৰীয়াই৷ এজন যুৱকৰ মৃত্যুক সহজেই লব নোৱাৰি শোকস্তদ্ধ হৈ পৰিছে গোৰেশ্বৰ৷ যুৱকজনৰ অকাল মৃত্যুত সমগ্ৰ সমাজ খনেই চকুলো টুকিব লগা হৈছে৷ যুৱকৰ মৃত্যুত তেনেই এক পৰিবেশৰ সৃষ্টি হৈছে গোৰেশ্বৰত৷ এজন পাহুৱাল ডেকা পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোৱালি লোৱাৰ পিছতে শোকস্তদ্ধ হৈ পৰে গোৰেশ্বৰীয়া৷

জানিব পৰা মতে, বাক্সা জিলাৰ গোৰেশ্বৰ থানা অন্তৰ্গত ২নং গোৰেশ্বৰৰ বিদ্যানগৰ নিবাসী মনোৰঞ্জন মিত্ৰৰ পুত্ৰ ৰিজু মিত্ৰই ১৬ জুলাইত অকাল মৃত্যুক আকোৱালি লয়। ১৪ জুলাইত নিজ ঘৰৰ সন্মুখত থিয় দি থকাৰ সময়তে এখন তীব্ৰবেগী বাইকে খুন্দিয়াই পথৰ দাতিত পেলাই থৈ যায় ৰিজু মিত্ৰক৷ যাৰ ফলত গুৰুতৰভাৱে আহত হৈছিল ৰিজু। নিশা প্ৰায় ১১ বজাত নিশাৰ আহাৰ গ্ৰহণ কৰি পথলৈ ওলাই অহা ৰিজুক গোৰেশ্বৰৰ পৰা বেতনা অভিমুখে গৈ থকা বাইক আৰোহীয়ে খুন্দিয়াই থৈ যােৱা ৰিজুক গুৱাহাটীৰ হায়াট হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও ১৬ জুলাইত যুৱকজনে মৃত্যুক আকোৱালি লয়। ৰিজুৰ অকাল মৃত্যুত গোৰেশ্বৰত শোকৰ ছাঁ পৰে। ১৮ জুলাইৰ সন্ধিয়া যুৱকজনৰ আত্মাৰ চিৰশান্তি কামনা কৰি গোৰেশ্বৰ চহৰৰ মাজেৰে যুৱকসকলে মৌন সমদল উলিয়াই৷

একাংশ যুৱকে অভিযোগ উত্থাপন কৰা মতে একাংশ বাইক আৰোহীয়ে প্ৰায়ে গোৰেশ্বৰ টাউনত যান-বাহনৰ নীতি উলংঘা কৰি তীব্ৰ গতিৰে বাইক চলাই যদিও আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰা বুলি কয়৷ একাংশ যুৱকে ড্ৰাইভিং লাইচেন্স নোহোৱাকৈ গাড়ী-মটৰ-বাইক চলোৱাৰ ফলতেই এনেদৰে দুৰ্ঘটনা সংঘটিত হৈ অহা বুলি কব খোজে৷ আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷