newsnextone.com | নগাঁওঃ ফিনলেণ্ডত অনুষ্ঠিত ২০ বছৰ অনুৰ্ধ্ব বিশ্ব এথলেটিকছ চেম্পিয়ন শ্বিপৰ ৪০০ মিটাৰ মহিলাৰ দৌৰত স্বৰ্ণপদক জয় কৰি অসম তথা ভাৰতলৈ  গৌৰৱ কঢ়িয়াই অনা অসম কন্যা হিমা দাসে ঘৰত উপস্থিত হয় অসম সত্ৰ মহাসভাৰ এটা দলে। হিমাৰ সাফল্যৰ বাবে পিতৃ-মাতৃক শিভেচ্ছা যাচিবৰ বাবে উপস্থিত হয় হিমাৰ ঘৰত৷ 

অসম সত্ৰ মহাসভাৰ পশ্চিম নগাঁও জিলা সমিতিয়ে হিমাৰ পিতৃ-মাতৃক শুভেচ্ছা জ্ঞাপন কৰে। হিমাই সমগ্ৰ দেশৰ লগতে অসমবাসীৰো গৌৰৱ বৃদ্ধি কৰিলে বুলি কয় পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ সভাপতি তথা সত্ৰাধিকাৰ ঘনমোহন গোস্বামীয়ে৷

হিমা দাসে ঘৰলৈ অহা দলটোত পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতি হেমচন্দ্ৰ তামুলী, উপ-সভাপতি কুশ বৰদলৈ, ডেকাসত্ৰীয়া প্ৰমথেশ দেৱ গোস্বামী, প্ৰাক্তন সম্পাদক বুধিন মহন্ত, সম্পাদক মানিক বৰাৰ লগতে সত্ৰ মহাসভাৰ ধিং-বটদ্ৰৱা-ডুমডুমীয়া বালিসত্ৰ আঞ্চলিকৰ সভাপতি মুকুল কলিতা উপস্থিত হৈ হিমাৰ পিতৃ-মাতৃক ফুলাম গামোচা, শৰাই আৰু এখন ধৰ্ম শাস্ত্ৰৰে সম্বৰ্ধনা জনায়।