গুৱাহাটীঃ শুভ, দয়ালু, মহৎ, মঙ্গল, কোমল আৰু হিন্দুসকলৰ দুই প্ৰধান দেৱতা গণেশ আৰু কাৰ্তিকৰ পিতৃ মহাদেৱক বুধবাৰে সমগ্ৰ বিশ্বই পূজা কৰিব৷ সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনেও পূজা কৰিব মহাদেৱক৷ ৰাজ্যৰ নামনি, উজনি, বৰাক উপত্যকাৰ হিন্দুলোকসকলে শিৱক আৰাধনা কৰিব৷ হিন্দুসকলৰ সৰ্বোচ্চ ঈশ্বৰ বা দেৱতাক পূজা কৰি সন্তুষ্ট কৰাৰ চেষ্টা কৰিব ভক্তই৷

যিসকল হিন্দুধৰ্মাৱলম্বীয়ে মহাদেৱ শিৱকেই প্ৰধান দেৱতা বুলি জ্ঞান কৰে আৰু ভক্তি ভাৱেৰে পূজা কৰে তেওলোকক ‘শৈৱ’ নামেৰে জনা যায়৷ ভোলানাথ, ৰুদ্ৰ আদি অনেক নামৰ অধিকাৰী মহাদেৱ শিৱ৷ শৈৱ সকলে বুধবাৰে বিভিন্ন পন্থাৰে মহাদেৱক সন্তুষ্ট কৰাৰ চেষ্টা চলাব৷ যাতে অনাগত দিনত দয়ালু, মহৎ, মঙ্গল, কোমল, শিৱৰ দৰে ৰূপৰ অধিকাৰী হয়৷

মহাদেৱ ক’ত কিয় বিখ্যাত?

পবিত্ৰ গংগাঃ হিন্দু ধৰ্মৰ বিশ্বাস অনুযায়ী, গংগা নদীৰ উৎস হ’ল শিৱৰ জঁটা। সেই কাৰণে শিৱৰ আন এক নাম গংগাধৰ।

ব্যাঘ্ৰ ছালঃ শিৱৰ পৰিধানত বস্ত্ৰ বাঘৰ ছাল। সেই কাৰণে শিৱৰ আন এক নাম কৃত্তিবাস। ব্যাঘ্ৰ ছাল আসন আছিল প্ৰাচীন ভাৰতৰ ব্ৰহ্মৰ্ষিসকলৰ বাবে সংৰক্ষিত আসন।

সৰ্পঃ শিৱৰ ডিঙিত এডাল সাপে সদায় থাকে৷ সাপে শোভা  বৰ্ধন কৰে বুলি কোৱা হয়৷

ত্ৰিশূলঃ শিৱৰ প্ৰধান অস্ত্ৰ হল ত্ৰিশূল। যাৰ বাবে সদায় তেওৰ সৈতে থাকে৷

ডম্বৰুঃ শিৱৰ হাতত ডম্বৰু নামৰ একপ্ৰকাৰৰ বাদ্যযন্ত্ৰই শোভা পায়। নটৰাজ নামেৰে পৰিচিত শিৱৰ নৃত্যৰত মূৰ্তিৰ এইটো এটা বিশেষ দিশ।

নন্দীঃ নন্দী নামৰ এটা পৌৰাণিক ষাঁড় শিৱৰ বাহন। শিৱক পশুৰ দেৱতা বুলি ধৰা হয়। 

গণঃ শিৱৰ অনুচৰসকলক গণ বোলা হয়। ভৌতিক প্ৰকৃতি অনুসৰি ভূতগণ নামেৰেও অভিহিত কৰা হয়। এওঁলোক সাধাৰণতে দয়ালু। 

কৈলাসঃ শিৱৰ অধিষ্ঠান হিমালয়ৰ কৈলাস পৰ্বত। 

বাৰাণসীঃ বাৰাণসী শিৱৰ প্ৰিয় নগৰী। বাৰাণসীত হিন্দুসকলৰ বাবে পবিত্ৰতম তীৰ্থসমূহৰ অন্যতম। হিন্দু ধৰ্মগ্ৰন্থত এই নগৰী কাশীধাম নামেৰে পৰিচিত।

সৌন্দৰ্যঃ হিন্দু ধৰ্মৰ লোকসকলে আটাইতকৈ বেছি ভক্তি কৰে মহাদেৱ শিৱক। প্ৰবাদ মতে, মহাদেৱ শিৱক ভক্তি কৰিলে সৌন্দৰ্য বৃদ্ধি হয় বুলি কোৱা হয়৷ হিন্দু ধৰ্মাৱলম্বীসকলে শিৱক সম্পূৰ্ণৰূপে ব্যতিক্ৰম বুলি গণ্য কৰে৷ জঁটাধাৰী শিৱক মহেশ্বৰ নতুবা মহাদেৱ বুলি কোৱা হয়৷ ব্যাঘ্ৰ ছাল পৰিধান কৰা জঁটাধাৰী শিৱই অশুভ শক্তিক বিনাশ কৰে বুলি কোৱা হয়৷

শৰীৰঃ মহাদেৱ অত্যন্ত শক্তিশালী আৰু পেশীবহুল শৰীৰৰ অধিকাৰী। হিন্দু পুৰাণত মহাদেৱৰ শৰীৰৰ যি বৰ্ণনা পোৱা যায়, তাৰ পৰা জানিব পাৰি যে তেওঁৰ উচ্চতা প্ৰায় ৭ ফুট। শৰীৰত আছে ব্যাঘ্ৰ ছাল। কিন্তু বাঘৰ ছালৰ বাবে কেতিয়াও বাঘ হত্যা কৰা নাছিল। মৃত বাঘৰ ছাল সংগ্ৰহ কৰিহে নিজৰ শৰীৰৰ মেৰিয়াই লৈছিল মহাদেৱে।

মাদকদ্ৰব্য সেৱনঃ শিৱ মানেই ভাং-গাঞ্জা খোৱাৰ এখন ছবিয়েই আমাৰ মনলৈ আহে। সেই অজুহাতত ‘বাবাৰ প্ৰসাদ’ নাম দি বহুতে এই নিচাজাতীয় দ্ৰব্য সেৱন কৰে। কিন্তু কি কাৰণত মহাদেৱে ভাং-গাঞ্জা সেৱন কৰিছিল সেয়া জানেনে? কিয়নো হিমালয়ৰ যি অঞ্চলত তেওঁৰ বাস, সেই অঞ্চল প্ৰচণ্ড ঠাণ্ডা বাবেই তেওঁ ভাং সেৱন কৰে। লগতে কঠোৰ তপস্যাত মনঃসংযোগ কৰিবলৈকো তেওঁ ভাং সেৱন কৰে।

শাৰীৰিক সুখঃ অত্যন্ত শক্তিশালী মহাদেৱে জানিছিল যে শাৰীৰিক মিলনৰ ক্ষেত্ৰত তেওঁৰ সৈতে কোনো নাৰীয়ে তিষ্ঠিব নোৱাৰিব। কিন্তু দেৱী পাৰ্বতীয়ে মহাদেৱক ঘনিষ্ঠভাৱে পাবলৈ বিচাৰে। শিৱই প্ৰথমে অমান্তি হ’লেও পাৰ্বতীৰ আব্দাৰত সন্মতি দিবলৈ বাধ্য হৈ পৰে। ইয়াৰ পিছত দুয়ো গোপনে কোনো এঠাইত মিলিত হৈছিল। এই মিলন চলিছিল মাহৰ পিছত মাহ। এটা সময়ত গোটেই পৃথিৱী কম্পমান হৈ উঠে, পাহাৰ-পৰ্বতবোৰ দুলিবলৈ ধৰে। উপায়ন্তৰ হৈ সকলো দেৱতাই শিৱ-পাৰ্বতীক উভতি আহিবলৈ অনুৰোধ কৰে। তেতিয়া মহাদেৱ পতিয়ন যায় যে পাৰ্বতী তেওঁৰ যোগ্য পত্নী। 

মহাদেৱৰ মতে, জন্ম নহয়, কৰ্মহে মূল। যাৰ বাবে তপস্যাত থকা অসুৰকো বৰ প্ৰদান কৰিছিল। বহু দেৱতাই মহাদেৱতাৰ এই কাৰ্যত ক্ষুব্ধ হৈ পৰিছিল যদিও মহাদেৱে নিজ মতত অটল আছিল৷