newsnextone.com।লিডুঃ এক লোমহৰ্ষক ধৰ্ষণ কাণ্ডই কপাই তুলিছিল সমগ্ৰ ৰাজ্য৷  প্ৰায় তিনি বছৰ পূৰ্বে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক মহাবিদ্যালয়ৰ পৰা ঘৰলৈ  গৈ থকা অৱস্থাত ৩জন লম্পট যুৱকে ধৰ্ষণ কৰি অতি নৃশংসভাৱে হত্যা কৰিছিল৷

২০১৫ বৰ্ষৰ ২৯ আগষ্টত মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰী থুখিং টিখাকে  কলেজৰ পৰা নিজৰ ঘৰলৈ গৈ থকা অৱস্থাত তিনিজন নৰপিশাচে  বলাৎকাৰ কৰি অতি নৃশংসভাৱে হত্যা কৰি হাবিত পেলাই থৈ যোৱা ঘটনাই সম্পূৰ্ণ তিনি বছৰ অতিক্ৰম কৰিলে৷

থুখিং টিখাকৰ তিনি বছৰীয়া আদ্য শ্ৰাদ্ধৰ পবিত্ৰ ক্ষণত স্থানীয় ৰাইজ তথা দল সংগঠনৰ লগতে সদৌ অসম টাংচা ছাত্ৰ সন্থাৰ উদ্যোগত লেখাপানীৰ ব্ৰাক্ষ্মা কেম্পৰ টিৰাপ নৈৰ কাষত যি স্থানত তিনি বছৰৰ পূৰ্বে যুৱতী গৰাকীয়ে অকাল মৃত্যুক আঁকোৱালি লব লগা হৈছিল সেই স্থানতেই এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰা হয়৷ অনুষ্ঠানটিত শতাধিক ৰাইজ তথা দলীয় সংগঠন সমূহে থুখিং টিখাকৰ পবিত্ৰ আত্মৰ সদ্গতিৰ কামনাৰে একোডালকৈ মমবাতি জ্বলাই যুৱতী গৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পৰিলক্ষিত হয়৷

অনুষ্ঠানটিত  থুখিং টিখাকৰ পৰিয়ালৰ সদস্য সকলো উপস্থিত থাকে ৷ উল্লেখ্য যে ৩ জন লম্পট যুৱকে ধৰ্ষণ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনাটোৰ যোৱা ৬ ফেব্ৰুৱাৰীত আদালতে ৰায় দান কৰে। মাৰ্ঘেৰিটা মহকুমাৰ ছেছন ন্যায়াধীশে অপৰাধীকেইজনক যাৱজ্জীৱন কাৰাদণ্ডেৰে দৃষ্টান্তমূলক শাস্তি বিধান দিয়ে। 

যাৱজ্জীৱন কাৰাদণ্ড পোৱা হত্যাকাৰী তিনিটা হ’ল- ক্ৰমে নুৰুদ্দিন লস্কৰ, নাছিৰুদ্দিন লস্কৰ আৰু ফাইজুৰ ৰহমান। কোনো কাৰণতেই যাতে হত্যাকাৰী কেইজনে আৰক্ষীৰ সুৰুঙাৰে হাৰি যাব নোৱাৰে তাৰ বাবে আইনী ব্যৱস্থা অধিক প্ৰকট কৰি তুলিবৰ বাবে উৰ্ধতম কৰ্তৃপক্ষৰ ওচৰত দল সংগঠন সমূহে আহবান জনাইছে ৷