newsnextone.com।তামুলপুৰঃ  “ৰাইজৰ সমস্যাৰ কথা ভাবিবলৈ বিপি এফৰ আহৰি নাই।তেওঁলোকৰ কাৰ্যালয়ত কেৱল ঠিকা-ঠুকুলিৰ কথাহে আলোচনা হয়। এই চৰকাক কেৱল ১০ শতাংশহে লাগে।আঁচনিৰ ১০ শতাংশ ধন কাটি ৰখাটো এওঁলোকৰ নিয়ম“ - এই অভিযোগ চাপাগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ইউ পি পি(এল) দলৰ উপ সভাপতি হিতেশ বসুমতাৰীৰ।

তামুলপুৰৰ মটঙা পাৰৰ সাংস্কৃতিক ভৱনত  জিলা ইউ পি পি(এল) দলৰ সভাপতি বাণী কান্ত বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত প্ৰথম ত্ৰিবাৰ্ষিক অধিবেশনৰ মুকলি সভা উদ্বোধন কৰি বসুমতাৰীয়ে এইদৰে অভিযোগ কৰে।

উন্নয়নৰ বাবে পৰিকল্পনাৰ দৰকাৰ। বিপিএফ চৰকাৰৰ কোনো পৰিকল্পনা নাই,  গতিকে বিটিচিৰ উন্নয়ন হব কেনেদৰে এই বুলিও প্ৰশ্ন কৰে নেতা গৰাকীয়ে। বিটিচিত সমস্যা বুলিলে কেৱল ৰাস্তা ঘাটৰ সমস্যায়ে নহয়,আন বহুতো জাতীয় সমস্যাও আছে। আলফা ,এন ডি এফ বিৰ সমস্যাটো চৰকাৰে কেৱল আলোচনাৰ নামত আলোচনাহে চলাই আছে কিন্তু কোনো মিমাংসা হোৱা নাই |

ৰাজনৈতিকভাৱে  এই সমস্যাটোৰ  সমাধান কৰিব লাগিব। এই সমস্যা সমাধান কৰাৰ দায়িত্ব চৰকাৰ বুলিও তেওঁ কয়। সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ তথা ইউপিপিএল দলৰ সভাপতি উৰখাও গৌৰা ব্ৰক্ষ্মই ভাল কাম কৰিবলৈ যি কোনো দলত থাকিও কৰিব পাৰি  বুলি কয়।

তেওঁৰ সুদীৰ্ঘ ভাষণত অবড়োৰ সমস্যাৰ কথা কৈ সাংসদ হোৱা  হীৰা শৰণীয়া (নৱ কুমাৰ শৰনীয়া)ই অবড়োৰৰ হৈ মাত নামাতে বুলিও অভিযোগ কৰে । হীৰা শৰণীয়াই ৭০:৩০ ৰ শ্লোগান দি আছে যদিও যেতিয়া তেওঁৰ কেৰিয়াৰ শেষ হব। তেতিয়া প্ৰথমে "জয় বড়োলেণ্ড"  ক'ব বুলিও কটাক্ষ কৰে ।

সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা সভাত এম চিএল এ মালতী ব্ৰহ্ম হাজোৱাৰীয়েও ভাষণ প্ৰদান কৰে। সভাৰ পূৰ্বে অনুস্হিত হোৱা প্ৰতিনিধি  সভাত পৰবৰ্তী  তিনি বছৰৰ বাবে বিপুল বসুমতাৰীক সভাপতি আৰু,ফনিন্দ্ৰ নাৰ্জাৰীক সম্পাদক হিচাপে লৈ মুঠ ৩৫ জনীয়া এখন নতুন কমিটি গঠন কৰা হয়।