newsnextone.com | ৰৌতাঃ বিদ্যুতৰ সেৱা বাৰে বাৰে ব্যাহত আৰু লুকাভাকুত কৰি থকাত গাঁৱৰ সাধাৰণ লোক উদ্যোগ, ব্যৱসায়ীক প্ৰতিষ্ঠান, কাৰ্যালয় আদিয়ে বাৰুকৈয়ে অতিষ্ঠ হৈ পৰিছে বুলি জানিব পৰা গৈছে। গ্ৰাম্য অঞ্চলত বিদ্যুতৰ নাটনি হোৱাটো দুৰ্ভাগ্যজনক বুলি বিবেচিত হৈছে। উল্লেখ্য যে, বিজেপি চৰকাৰ খনে নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাইজক ২৪  ঘণ্টাই বিদ্যুত যোগানৰ আশ্বাস দিছিল কিন্তু ২টা বছৰ সম্পূৰ্ণ কৰা চৰকাৰখনে ৰাইজক প্ৰদান কৰা আশ্বাস সম্পূৰ্ণ কৰাত ব্যৰ্থ হোৱা বুলি ৰাইজে অভিযোগ কৰিছে।

 ইমানে নহয় যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰচাৰৰ বাবে ৰাজপথত ওলোমাই ৰখা ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰা প্ৰতিশ্ৰুতি দিয়া এখন বেনাৰ ব্যাপক হাৰত প্ৰচাৰ হ’ব ধৰিছে ছচিয়েল মিডিয়াত৷ আনহাতে ভূতৰ ওপৰত দানহ পৰাদি উৎকট গৰমৰ মাজত বিদ্যুতৰ সঘন কৰ্তনে স্তব্ধ কৰি তুলিছে স্বাভাৱিক জনজীৱন৷ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ গ্ৰাম্য অঞ্চলত ৰাতিৰ কথাটো বাদেই দিনৰ ভাগতো ৮-১০ বাৰকৈ লোডশ্বেডিং হোৱাটো সাধাৰণ ঘটনাত পৰিণত হৈছে৷

বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ শ্ল’গান কাৰ্যতঃ অসাৰ প্ৰতিপন্ন হৈছে। ২৪ ঘণ্টাই বিদ্যুৎ সেৱা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰখনে আজিলৈ পৰিবৰ্তন ঘটাব নোৱাৰিলে ৰাজ্যখনৰ বিদ্যুৎ বিভাগটোৰ। সম্প্ৰতি অসহনীয় গৰমে ৰাজ্যবাসীক বিধ্বস্ত কৰি ৰখাৰ সময়তে বিদ্যুতৰ অনিয়মীয়া যোগানে জ্বলাকলা খুৱাইছে ৰাজ্যবাসীৰ লগতে ওদালগুৰি জিলাৰ ৰৌতাবাসীক। 

বিগত কেইবা মাহ ধৰি দিনটোৰ বেছিভাগ সময়েই বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ আহিছে ২৫ খনৰো অধিক গাঁৱৰ ৰাইজ। বিগত মাহত বিভাগটোৰ কৰ্মচাৰীসকলে ধুমুহা-বৰষুণক অজুহাত দেখুৱাই বিদ্যুৎ কৰ্তন কৰি আহিছিল। যোৱা দুসপ্তাহত তেনে কোনো প্ৰাকৃতিক দুৰ্যোগ নাই যদিও এতিয়া বিদ্যুৎ যোগান প্ৰায়ে ব্যাহত হৈ পৰে৷ গ্ৰাহকসকলে ২৪ ঘণ্টাৰ ভিতৰত ৫ ঘণ্টাও বিদ্যুৎ সেৱা লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে।

ফলত অঞ্চলটোৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে সৰ্বসাধাৰণে গৰমত হাহাকাৰ কৰিব লগা হৈছে। অনিয়মীয়া বিদ্যুৎ সেৱাৰ ফলত বিপাঙত পৰা বুলিও ক্ষোভ প্ৰকাশ কৰে অঞ্চলটোৰ বৌদ্ধিক মহলে। বিভাগটোত বিষয়া-কৰ্মচাৰীৰ দায়িত্বৰ প্ৰতি হেমাহি কৰাৰ বাবেই অঞ্চলটোৰ ৰাইজ আজি বিদ্যুতৰ নিয়মীয়া সেৱাৰ পৰা বঞ্চিত হ'বলগা হৈছে বুলি বৃহত্তৰ ৰৌতা অঞ্চলৰ ৰাইজে অভিযোগ উত্থাপন কৰে। 

বিদ্যুৎ সেৱা নিয়মীয়াকৰণ কৰাৰ বাবে বিদ্যুৎ গ্ৰাহকসকলে বিভাগীয় কৰ্তৃপক্ষক দাবী কৰি আহিছিল যদিও গ্ৰাহকৰ দাবীৰ প্ৰতি কোনো ধৰণৰ সহাৰি নজনোৱা অভিযোগ উত্থাপন হৈছে। বৃহত্তৰ ৰৌতা অঞ্চলৰ ২৫ খনৰো অধিক গাৱৰ ৰাইজে অহা ২৪ ঘন্টাৰ ভিতৰত বিদ্যুৎ সেৱা নিয়মীয়া কৰিবলৈ অসম চৰকাৰৰ শক্তিমন্ত্ৰী তপন গগৈৰ লগতে ওদালগুৰি বিদ্যুৎ উপ-সংমণ্ডলৰ কৰ্তৃপক্ষক দাবী জনাইছে। অন্যথা অকৰ্মণ্য বিভাগটোৰ বিৰুদ্ধে অচিৰেই পথ অৱৰোধ, ওদালগুৰি বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও দৰে কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সকিয়াই দিয়ে৷

যোৱা ভালেকেইদিন গ্ৰাম্য এলেকাৰ লোকে বিদ্যুতৰ সঘন আহ-যাহত অতিষ্ঠ হৈ পৰিছে৷ বিদ্যুতৰ সেৱা বাৰে বাৰে ব্যাহত আৰু লুকাভাকুত কৰি থকাত গাঁৱৰ সাধাৰণ লোক উদ্যোগ, ব্যৱসায়ীক প্ৰতিষ্ঠান, কাৰ্যালয় আদিয়ে বাৰুকৈয়ে অতিষ্ঠ হৈ পৰিছে বুলি জানিব পৰা গৈছে।

গ্ৰাম্য অঞ্চলত বিদ্যুতৰ নাটনি হোৱাটো দুৰ্ভাগ্যজনক বুলি বিবেচিত হৈছে। উল্লেখ্য যে, বিজেপি চৰকাৰ খনে নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাইজক ২৪ ঘণ্টাই বিদ্যুত যোগানৰ আশ্বাস দিছিল কিন্তু ২টা বছৰ সম্পূৰ্ণ কৰা চৰকাৰখনে ৰাইজক প্ৰদান কৰা আশ্বাস সম্পূৰ্ণ কৰাত ব্যৰ্থ হোৱা বুলি ৰাইজে অভিযোগ কৰিছে। ইমানে নহয় যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰচাৰৰ বাবে ৰাজপথত ওলোমাই ৰখা ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰা প্ৰতিশ্ৰুতি দিয়া এঐখন বেনাৰ ব্যাপক হাৰত প্ৰচাৰ হ’ব ধৰিছে ছচিয়েল মিডিয়াত৷

২৪ ঘণ্টা বিদ্যুৎ দিয়াৰ প্ৰতিশ্ৰুতি গ্ৰাম্য এলেকাত পালন কৰিবলৈ সক্ষম নোহোৱাত উৎকট গৰমে অসহ্য কৰি তুলিছে জনজীৱন৷ ব্যাঘাট জন্মাইছে স্বাভাৱিক জীৱন প্ৰক্ৰিয়াত৷ সকলোৱে বাট চাই ৰৈছে এচাটি গা-জুৰ পৰা শীতল বতাহৰ আশাত৷ কিন্তু তেনে আশাক বাস্তৱায়িত কৰিবলৈ অহা নাই এচাটি বতাহ৷ যেন ৰ’দে তপত খোলাত দিছে সকলোকে৷ 

পেপচি, কোকাকোলা, মিৰিণ্ডা, থামচআপ আদি ক’ল্ড ড্ৰিংকচৰ লগতে ডাব নাৰিকলৰ পানী নতুবা কুঁহিয়াৰ ৰসেও সাত পেলাব পৰা নাই দেহা৷ দিনটোত তিনি-চাৰিবাৰ গা-ধুইও পোৱা নাই শান্তি৷ ইপিনে, ভূতৰ ওপৰত দানহ পৰাদি উৎকট গৰমৰ মাজত বিদ্যুতৰ সঘন কৰ্তনে স্তব্ধ কৰি তুলিছে স্বাভাৱিক জনজীৱন৷ ৰাজ্যত গ্ৰাম্য অঞ্চলত ৰাতিৰ কথাটো বাদেই দিনৰ ভাগতো ৮-১০ বাৰকৈ লোডশ্বেডিং হোৱাটো সাধাৰণ ঘটনাত পৰিণত হৈছে৷