newsnextone.com | নামতিঃ এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে শিৱসাগৰ জিলাৰ নামতিত৷ শেৱালি নেওগ গগৈ নামৰ মহিলাগৰাকীৰ বুধবাৰে কলকাতাৰ বায়ু সেনাৰ বাহিনীৰ চিকিৎসালয়ত মৃত্যু হোৱাত চাঞ্চল্যৰ সৃষ্টি হয়৷

জানিব পৰা মতে, নামতিৰ হুদুপাৰা পাঁচনি গাঁৱৰ বায়ু সেনাত কর্মৰত পুতুল গগৈৰ পত্নী শেৱালি নেওগ গগৈৰ যোৱা ১০ জুলাইত পেট আৰু ভৰিৰ বিষ হোৱাত পৰিয়ালৰ লোকে যোৰহাট ৰৰৈয়া স্থিত বায়ু সেনাৰ চিকিৎসালয়লৈ নিয়ে। চিকিৎসকে মহিলাগৰাকীৰ গলব্লাডাৰ হোৱা বুলি জানিবলৈ দিয়ে৷ পৰিয়ালৰ লোকক চিকিৎসকে অস্ত্ৰোপচাৰ কৰাৰ বাবে পৰামৰ্শ দিয়াত চিকিৎসকৰ সৈতে আলোচনা কৰি যোৱা ১২ জুলাইত অস্ত্ৰোপচাৰ কৰাৰ কথা আছিল৷ 

কিছু অসুবিধা হোৱাত ১৫ জুলাইতহে অস্ত্ৰোপচাৰ কৰা হয়। স্বামী পুতুল গগৈয়ে অস্ত্ৰোপচাৰৰ সময়ত নাকত পাইপ সোমোৱাই দিয়া বুলি কৈ তেওঁৰ পত্নীয়ে নাকত পাইপ সোমোৱাই দিয়াত বিগত সময়ত অসুবিধাৰ সন্মুখীন হৈছিল বুলি অভিযোগ উত্থাপন কৰে। 

কিন্তু চিকিৎসকে বিষয়টোৰ সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰি নাকত পাইপ সোমোৱাই দিয়া বুলি কৈ যাৰ ফলত মহিলাগৰাকীৰ খাদ্যনলী বন্ধ হৈ ডিঙি আৰু নাকেৰে ৰক্ত নিৰ্গত হ’বলৈ ধৰা বুলি কয়। তেতিয়া চিকিৎসকে মহিলাগৰাকীৰ ডিঙিত দুটা ফুটা কৰে বুলিও কয়। তাৰ পাছতেই মহিলাগৰাকী সম্পূৰ্ণ অচেতন হৈ পৰে। অচেতন মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে কলকাতাৰ বায়ু সেনা চিকিৎসালয়লৈ নিয়াৰ নিৰ্দেশ দিয়ে।

চিকিৎসকৰ নিৰ্দেশ মৰ্মে পৰিয়ালৰ লোকে ততাতৈয়াকে কলকাতালৈ নিয়ে যদিও চিকিৎসালয়তে মহিলাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। শেৱালি নেওগ গগৈৰ মৃত্যুক সহজে লব পৰা নাই পৰিয়াল আৰু সদৌ অসম ছাত্ৰ সন্থাই। সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি অসীম দত্তই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে। পৰিয়ালে চিকিৎসকৰ গাফিলতি হোৱাৰ সন্দেহ কৰি তদন্তৰ দাবী কৰে৷ 

বিভিন্ন সমাজিক অনুষ্ঠান প্রতিষ্ঠানৰ লগত উতঃপ্রোত ভাৱে জড়িত থকা শেৱালি নেওগ গগৈৰ নশ্বৰ দেহ বুধবাৰে বাসগৃহ পোৱাৰ লগে লগে গুণমুগ্ধৰে বাসগৃহ ভৰি পৰে৷
মৃত্যুৰ সময়ত তেওঁ স্বামী, পুত্ৰ, কন্যাৰ লগতে বহুতো আত্মীয়ক ইহ-সংসাৰত এৰি থৈ গৈছে। তেওঁৰ মৃত্যুত স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্রকাশ কৰিছে।