newsnextone.com। ওদালগুৰিঃ অসমৰ অন্যতম জাতীয় সংগঠন অসম সাহিত্য সভাই আৰম্ভ কৰিব মৈত্ৰী বন্ধন যাত্ৰাৰ কাৰ্যসূচী। ওদালগুৰিৰ পৰাই আৰম্ভ হব সাহিত্য সভাৰ এই মৈত্ৰী বন্ধন যাত্ৰা। এই কাৰ্যসূচী অনুসৰি আগন্তুক ২ চেপ্তেম্বৰ তাৰিখে দিনৰ ১২ বজাত এই যাত্ৰাৰ শুভাৰম্ভণি ঘটিব।

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অসম সাহিত্য সভাৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত ওদালগুৰি সাহিত্য সভাৰ ব্যৱস্থাপনাত সভাৰ প্ৰজাতীয় মৈত্ৰী বন্ধন উপসমিতিৰ কেন্দ্ৰীয় সভা, জিলা সাহিত্য সভাৰ প্ৰস্তাৱিত 'ওদালগুৰি ৰত্ন' সন্মান প্ৰদান কৰা হব।

কাৰ্যসূচী অনুসৰি ২ চেপ্তেম্বৰৰ পুৱা ৮:৪৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব জিলা সাহিত্য সভাৰ সভাপতি দেৱৰাজ সাপকোটাই, স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰিব অসম সাহিত্য সভাৰ মঙ্গল চণ্ডী ব্ৰহ্ম ভাষা-সাহিত্য-সংস্কৃতি গৱেষণা কেন্দ্ৰ আৰু আৱৰক্ষণ উপ-সমিতিৰ আহ্বায়ক অখিল কলিতাই, পুৱা ১০ বজাত অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্ৰীবন্ধন উপসমিতিৰ কেন্দ্ৰীয় সভা, দিনৰ ১২ বজাত 'ওদালগুৰি ৰত্ন' প্ৰদান আৰু মৈত্ৰীবন্ধন যাত্ৰাৰ শুভাৰম্ভণি অনুষ্ঠানৰ মুকলি সভা।

মুকলি সভাত সভাপতিত্ব কৰিব জিলা সাহিত্য সভাৰ সভাপতি দেৱৰাজ সাপকোটাই, মৈত্ৰীবন্ধন যাত্ৰাৰ শুভাৰম্ভণি কৰিব জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসে। মূখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি ড৹ পৰমানন্দ ৰাজবংশী, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী ৰিহন দৈমাৰী, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব জনজাতীয় সাহিত্য সভাৰ সম্পাদক প্ৰধান কমলাকান্ত মুছাহাৰী, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা, বিটিচি অধ্যক্ষ ত্ৰিদীপ দৈমাৰী, জিলা আৰক্ষী অধীক্ষক ৰাজবীৰ সিং।

আনহাতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব ওদালগুৰি জিলাৰ বিভিন্ন দল-সংগঠনৰ সভাপতি-সম্পাদক তথা প্ৰতিনিধিসকল। সমূহ কাৰ্যসূচীতে ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে জিলা সাহিত্য সভাৰ সম্পাদক কমলেশ্বৰ শৰ্মাই।