ৰঙিয়া/ডিব্ৰুগড়/বৰপেটাঃ কেন্দ্ৰীয় চৰকাৰে অসমত অবৈধ হিন্দু নাগৰিকক সংস্থাপন কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে পুনৰ অসম জীতায়তাবাদী যুৱ ছাত্ৰ পৰিষদে সোমবাৰে ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷ চৰকাৰে নাগৰিকত্ব আইন সংশোধন কৰি চুবুৰীয়া দেশৰ হিন্দু শৰণাৰ্থীক দেশলৈ আনি সংস্থাপন কৰিব বিচৰা কাৰ্যক তীব্ৰ বিৰোধ কৰি ‘গণ অৱস্থান’ শীৰ্ষক প্ৰতিবাদ সাব্যস্ত কৰে৷ 

সংগঠনটোৰ উজনি-নামনিৰ প্ৰতিখন জিলা সমিতিয়ে সোমবাৰে নিজ নিজ জিলাৰ সদৰত পুৱাৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰি কোনো কাৰণত অসমত হিন্দু বাংলাদেশী সংস্থাপন কৰিব নিদিয়াৰ কথা চৰকাৰক স্পষ্ট কৰি দিয়ে৷

অসমীয়া জাতিক অস্বিত্বৰ সংকটত পেলাই বিজেপি নেতৃত্বৰ কেন্দ্ৰ ৰাজ্য চৰকাৰে অসমত ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচৰা কাণ্ডৰ বিৰুদ্ধে আন্দোলন অব্যাহত থাকিব বুলি কয় সংগঠনটোৱে৷ অসমৰ এটা সংগঠনে হিন্দু বাংলাদেশী সংস্থাপনৰ চৰকাৰৰ প্ৰচেষ্টাক সমৰ্থন কৰা বুলি প্ৰচাৰ হোৱা খবৰকো প্ৰতিখন জিলা সমিতিয়ে ধিক্কাৰ দিয়ে৷ 

অসমত বাংলাদেশৰ হিন্দু শৰাণাৰ্থী সংস্থাপনৰ সমৰ্থন কৰা অসম সত্ৰ মহা সভাৰ সভাপতি আৰু প্ৰধান সম্পাদক আৰু কেন্দ্ৰ-ৰাজ্যৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে যুৱ ছাত্ৰ পৰিষদে৷ চৰকাৰে অসমত হিন্দু-বাংলাদেশী সংস্থাপন কৰিবৰ বাবে আকোৰগোজ হৈ পৰাত সোচ্চাৰ হৈ পৰিছে অসম জাতীয়য়তাবাদী যুৱ-ছাত্র পৰিষদ৷ 

প্ৰতিবাদস্থলিৰ পৰাই খিলঞ্জীয়াৰ জীৱনলৈ সংশয়ৰ ভাৱনা আনিব পৰা যিকোনো বিজতৰীয়া শত্ৰুক ৰোধ কৰাৰ বাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ সদায় সাজু থকা বুলি কয়। চৰকাৰে যাতে কোনো কাৰণতে খিলঞ্জীয়াক বিপদাপন্ন কৰিব নোৱাৰে, তাৰ বাবে কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে আজি ৰাজ্যজুৰি সংগঠনটোৰ জিলা সমিতিসমূহে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷

কেন্দ্ৰৰ বিজেপি চৰকাৰে অসমত জাপি দিব খোজা অবৈধ নাগৰিকক অসমৰ ৰাইজে কেতিয়াও অসমত সংস্থাপন দিয়াৰ পক্ষপাতী নহয় সেই কথাকেই যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্যসূচীয়ে প্ৰতিপন্ন কৰে৷ অসমৰ খিলঞ্জীয়া লোকৰ সংশয় তথা ভাবুকি আহিব পৰা কোনো কাম যুৱ-ছাত্ৰ পৰিষদে চৰকাৰক কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰে যুৱ-ছাত্ৰ পৰিষদে কাৰ্যসূচীৰ জৰিয়তে৷ ৰাজ্যৰ মঙলদৈ, দৰং, নলবাৰী, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ আদি ঠাইৰ লগতে ৰঙিয়াতো এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ ধৰ্মৰ ভিত্তিত বিদেশীক ভাগ ভাগ কৰাৰ প্ৰতিবাদ জনায়৷

শেহতীয়াভাৱে বিজেপি চৰকাৰে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব আইন সংশোধন কৰিবলৈ ওলোৱাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিবাদ আৰম্ভ হৈছে। আছুকে আদি কৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালকৈ অসমৰ অন্যতম শক্তিশালী জাতীয়তাবাদী সংগঠন যুৱ-ছাত্ৰ পৰিষদেও ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী হাতত লৈ আহিছে।

ডিব্ৰুগড়ঃ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব অাইন সংশোধন কৰি অসমত থকা লাখ লাখ অবৈধ বাংলাদেশীক নাগৰিকত্ব দিবলৈ চলোৱা প্ৰচেষ্টাক অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷ অসমত বাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ৰাজনৈতিক কৌশলেৰে বিভাজন কৰিব বিচৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷ 

সংসদীয় যুটীয়া সমিতিয়ে অসমৰ বিভিন্ন দল-সংগঠনৰ মাজত নাগৰিকত্ব অাইন সংশোধনৰ বাবে মতামত গ্ৰহণ কৰাৰ নামত ৰাজনৈতিক ভাবে সন্দেহ জগাই তুলিছে৷ বিশেষকৈ সত্র মহাসভাৰ কেইজনমান প্ৰতিনিধিয়ে নাগৰিকত্ব সংশোধনি বিধেয়কৰ প্ৰতি সমৰ্থন দিবলৈ চেষ্টা কৰা কাৰ্যক জাতীয় জনগোষ্ঠীয় দল-সংগঠনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ ডিব্ৰুগড় জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰিয়ব্ৰত গোহাঁই, সাধাৰণ সম্পাদক ৰাজীৱ গগৈ অাৰু সাংগঠনিক সম্পাদক উদয়ন বৰুৱাই ধিক্কাৰ দিয়ে৷ 

তাৰ লগে লগে কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলাৰ সমিতিয়ে সোমবাৰে ৪ ঘন্টীয়া গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷ সংগঠনটোৰ ডিব্ৰুগড় কাৰ্যালয়ৰ সমীপত ৰূপায়ন কৰা কাৰ্যসূচীত ভাৰপ্ৰাপ্ত সভাপতি প্ৰিয়ব্ৰত গোহাঁই উপস্থিত থাকি কেন্দ্ৰ অাৰু ৰাজ্য চৰকাৰক সকিয়াই দি যদি নাগৰিকত্ব অাইন সংশোধনৰ বিষয়টো গৃহত কৰি অসমত বিদেশীক বহুৱাব চেষ্টা কৰিলে পৰিস্থিতি ভয়াবহ হ’ব বুলি কয়৷

ৰঙিয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিয়ে ৰঙিয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰপায়ন কৰে৷ 
যুৱ-ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিৰ সভাপতি ৱাহেদুৰ ৰহমান আৰু সাধাৰণ সম্পাদক কৰেন্দ্ৰ কলিতাৰ নেতৃত্বত ৰপায়ন কৰা কাৰ্যসূচীত নৰেন্দ্ৰ মোডী হুচিয়াৰ, জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল হায় হায়, অসমীয়াক সংখ্যালঘুত পৰিণত কৰাৰ ষড়যন্ত্ৰ নচলিব, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে৷ 

কাৰ্যসূচীত কেন্দ্ৰীয় মুখ্য উপদেষ্টা জ্যোতিৰ্ময় কলিতা, আমন্ত্ৰিত উপদেষ্টা ৰঞ্জন উপাধ্যায়, ক্ৰীড়া সম্পাদক তৰুণ দাস, যুটীয়া সম্পাদক বিদ্যুৎ ডেকাকে ধৰি ভালেসংখ্যক নেতা উপস্থিত থাকে৷ কেন্দ্ৰীয় মুখ্য উপদেষ্টা জ্যোতিৰ্ময় কলিতাই মোডী চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি নৰেন্দ্ৰ মোডী চৰকাৰে অসমীয়াৰ বিৰুদ্ধে গভীৰ চক্ৰান্তত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে৷ 

অসমীয়া জাতিক চিৰকাললৈ নিশকটীয়া কৰি অসমৰ সম্পদৰ সম্পদৰ লুন্ঠন চলাব বিচৰাৰ অভিযোগ উত্থাপন কৰি যাৰ বাবে মোডী চৰকাৰে বাংলাদেশৰ হিন্দুক অসমত সংস্থাপন কৰিব বিচাৰিছে বুলি কয়৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ পাঠশালাতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ সাব্যস্ত কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী জনায়৷