newsnextone.com | ডিজিটেল ডেস্কঃ সোমাবাৰে পুৱা ১০ বজাত আনুষ্ঠানিকভাৱে প্ৰকাশ পাব এনআৰচিৰ চূড়ান্ত খচৰা৷ এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ে মুকলি কৰিব চূড়ান্ত খচৰা৷ যাৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ৷ ইপিনে যিকোনো পৰিস্থিৰি সৈতে মোকাবিলৈ কৰিবলৈ ৰাজ্যৰ প্ৰশাসন সাজু হৈছে৷

দেশৰ গৃহ মন্ত্ৰালয়ে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী, মুখ্য সচিব, ডিজিপিৰ সৈতে দিল্লীত বৈঠক অনুষ্ঠিত কৰি এনআৰচিৰ খচৰা প্ৰকাশৰ পিছত উদ্ভৱ হ'ব পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চিন্তা-চৰ্চা কৰিছে। আনহাতে ৰাজ্যৰ কেইবালাখ বাংলাভাষী মুছলমান আৰু হিন্দুৱে খচৰাত নাম প্ৰকাশ নাপাব বুলি আশংকাত দিন পৰিছে। তাৰ মাজতে দেশৰ গৃহ মন্ত্ৰালয়ে এই বিষয়টো মানৱীয় দৃষ্টিৰে চাই বিশেষ নিৰ্দেশনা দিছে ৰাজ্য চৰকাৰক।

দেওবাৰে নিশাৰে পৰা কেইবাখনো জিলাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা বুলি খবৰ আহিছে৷ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ দল মোতায়ান কৰা বুলি জানিব পৰা গৈছে৷ 

বিভিন্ন জিলাত স্থানীয় প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে৷ ইপিনে ৭খন জিলাত অনিৰ্দিষ্ট কাললৈ ১৪৪ ধাৰা জাৰি কৰিছে ৰাজ্যৰ প্ৰশাসনে৷ ডিমা হাচাও, বৰপেটা, দৰং, গোলাঘাট, কৰিমগঞ্জ, ধুবুৰী, শোণিতপুৰ জিলাত অনিৰ্দিষ্ট কাললৈ ১৪৪ ধাৰা জাৰি কৰিছে ৰাজ্যৰ প্ৰশাসনে৷

গুৱাহাটী মহানগৰীতোঁ প্ৰশাসন সম্পূৰ্ণ সষ্টম হৈ পৰিছে৷ গুৱাহাটী মহানগৰীৰ কেইবাঠাইক স্পৰ্শকাতৰ হিচাপে থাকিব৷ ইয়াৰ ভিতৰত হাতীগাঁও, মালিগাঁও, আজাৰা আদি অন্যতম৷ সোমবাৰে কামৰূপ প্ৰশাসনে কটন বিশ্ববিদ্যালয়ত এখন বৈঠক অনুষ্ঠিত কৰে। মহানগৰ জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টাল, মহানগৰ আৰক্ষী আয়ুক্ত হীৰেন নাথ, চক্ৰ বিষয়া সকল উপস্থিত থাকে৷

ইপানে এনআৰচি প্ৰশাসন আৰু ৰাজ্য চৰকাৰে NRCৰ চূড়ান্ত খচৰা পৰা বাদ পৰিব তেওঁলোকে পুনৰ আবেদন কৰিব পাৰিব আৰু যিসকল ডি-ভোটাৰ হৈছে সেইসকল লোকে প্ৰকৃত নথিপত্ৰ যোগে পুনৰ আবেদন কৰিব পাৰিব বুলি কয়। 

আনহাতে কোনো লোকৰ যদি নাম কেনেবাকৈ প্ৰকাশ নাপালেও শংকিত হোৱাৰ কাৰণ নাই বুলি কৈ খচৰা তালিকাৰপৰা নাম বাদ পৰিলে বা নাম অন্তৰ্ভুক্তি শুধৰণি বা ওজৰ আপত্তি থাকিলে অহা ৩০ আগষ্টৰ পৰা ২৮ চেপ্তেম্বৰলৈকে আবেদন কৰিব পাৰিব নিজ নিজ অঞ্চলত থকা এনআৰচিৰ সেৱা কেন্দ্ৰত।

সোমবাৰে চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে ০৭ আগষ্টৰ পৰা এনআৰচিত কেনেকৈ চাব আপোনাৰ নামটো৷ ৱেবচাইড, এছএমএছ যোগেও চাব পাৰিব নাম৷ www.nrcassam.nic.in, www.assam.mygov.in, www.assam.gov.in, www.Homeandpolitical.assam.gov.inত চাব পাৰিব আপোনাৰ নতুবা পৰিয়ালটোৰ সদস্যৰ নাম।

আনহাতে ৭ আগষ্টৰ পুৱা ৮ বজাৰ পৰা ৰাজ্যৰ সকলো সেৱা কেন্দ্ৰত থাকিব খচৰা কপি৷ প্ৰায় ২৫০০ সেৱা কেন্দ্ৰত উপলদ্ধ হ’ব খচৰাৰ কপি৷