newsnextone.com | ওদালগুৰিঃ সোমবাৰে দিনৰ দহ বজাত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা তথা আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত যাতে কোনো ধৰণৰ অশুভ শক্তিয়ে বিক্ষিপ্ত ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ ৰাখি ওদালগুৰি জিলা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে। 

দেওবাৰৰ পৰা তৎকালীনভাৱে বলৱৎ কৰা এই আইন অনুসৰি প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰোপৰি আন্তঃৰাষ্ট্ৰীয় আৰু ৰাজ্যিক সীমান্তসমূহত তীক্ষ্ন নজৰ প্ৰদান কৰা হ’ব বুলি ওদালগুৰি জিলা প্ৰশাসনে জানিবলৈ দিয়ে। আইন ভংগকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ সকিয়নী প্ৰদান কৰে জিলা দণ্ডাধীশ দিলীপ কুমাৰ দাসে।