চিচিবৰগাঁওঃ ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ প্ৰকাণ্ড প্ৰকাণ্ড গাতে বিপদত পেলাইছে ৰাইজক৷ গাড়ী-মটৰটো দুৰৰ কথা খোজকাঢ়িবৰ বাবেও পৰিবেশ নাইকিয়া হৈছে ঘাই পথটোত৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে অৱহেলিত উত্তৰপাৰৰ উন্নয়নৰ বাবে ধেমাজি নতুবা লখিমপুৰ জিলাত অভিযান্ত্ৰিক আৰু চিকিৎসা মহাবিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানৰ স্থাপন বাবে যোজা চলালেও পথৰ অৱস্থাই ত্ৰাহিমধুসূদন সোঁৱৰিছে ৰাইজে৷

উত্তৰ পাৰৰ ধেমাজি আৰু লখিমপুৰ জিলাৰ মাজেৰে পাৰ হৈ যোৱা যাতায়াতৰ একমাত্ৰ সম্বল ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই ৰাইজক একপ্ৰকাৰ হতাশ কৰি তুলিছে। ঘাইপথটোত বৃহৎ বৃহৎ গাতেঁৰে ভৰি পৰিছে। ইপিনে বগীবিল দলঙৰ কাম ক্ষীপ্ৰ গতিত চলিছে। বগীবিল দলঙৰ কাম সম্পুৰ্ণ হোৱাৰ লগে লগে গধুৰ যান-বাহনৰ চলাচল বৃদ্ধি হ’ব। দুখৰ কথা এই যে, জহি-খহি যোৱা ঘাইপথৰে গধুৰ যান-বাহনৰ চলাচল কেনেকৈ কৰিব তাক লৈ চিন্তিত হৈ পৰিছে ৰাইজ৷

তাৰ মাজতে ঘাইপথটোৰ একাংশ দলং দূৰ্বল হৈ পৰা পৰিলক্ষিত হৈছে। ধেমাজি জিলাৰ গাই নৈ আৰু কুমটীয়া নৈৰ ওপৰত থকা দুয়োখন দলঙেই দূৰ্বল হৈ পৰাৰ লগতে ম্যাদ উকলাৰ সময় আহি পৰিছে। কিয়নো ঘাইপথটোৰে অসম অৰুণাচলৰ শ শ যান-বাহন নিতৌ আহ-যাহ কৰে। বিশেষকৈ গাই নৈৰ দলংৰ এটা খুটা ভাঙি বহি যোৱাত দূৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। কুমটীয়া দলংৰো একেই অৱস্থা। যাতায়তৰ এনে ভয় লগা ছবিৰ বাবে ধেমাজি-লখিমপুৰ জিলাত উদ্যোগ স্থাপনকৰিবলৈ মানুহ নাহে বুলি অভিযোগ উত্থাপন হৈছে৷ জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে শীঘ্ৰে ৰাষ্ট্ৰীয় ঘাইপথছোৱা পুনৰ নিৰ্মাণ আৰু ম্যাদ উকলি যোৱা পকি দলং সমূহ পুনৰ নিৰ্মাণৰ দাবী জনায়৷