newsnextone.com | গুৱাহাটীঃ বুধবাৰে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ১৯গৰাকী ACS-APS বিষয়াক বৃহস্পতিবাৰে দুপৰীয়া গুৱাহাটী মহানগৰীৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয়৷  ১৯গৰাকী ACS-APS বিষয়াক আদালতত হাজিৰ কৰাই অসম আৰক্ষীয়ে আটাইকেইজন বিষায়ক ১৪ দনৰ ন্যায়িত জিম্মাত বিছাৰিছিল যদিও আদালতে ৰাজপত্ৰিত বিষয়াসকলক ১১ দিনৰ আৰক্ষী জিম্মাত দিয়ে৷ তাৰ লগে লগে পুনৰ পানবজাৰ আৰক্ষী থানা আৰু পানবজাৰ মহিলা আৰক্ষী থানাত কটাব লাগিব ৰাজপত্ৰিত বিষয়াসকলে এই কথা স্পষ্ট হৈ পৰে৷ 

ইপিনে একেটা দিনতে আদালতত জামিন আবেদন কৰিছিল কেইবাগৰাকী গ্ৰেপ্তাৰ হোৱা বিষয়াৰ অধিবক্তাই৷ আদালতে জামিন আবেদন নাকচ কৰা বুলি জানিব পৰা গৈছে৷ জামিন আবেদন কৰা সকলৰ ভিতৰত তেজপুৰৰ সাংসদ আৰ পি শৰ্মাৰ কন্যা পল্লৱী শৰ্মাও আছে বুলি জানিব পৰা গৈছে৷ ছাইবুৰ ৰহমান বৰভূঞা, ৰিতুৰাজ নেওগ, বৰ্ণালী দাস, লীণা কাকতি আৰু গুলচন ডাওলাগপুৰ জামিন আবেদন নাকচ কৰা বুলি জানিব পৰা গৈছে৷ জামিনৰ শুনানি সন্দৰ্ভত নতুদ তাৰিখ বুলি জানিব পৰা গৈছে৷

কালিলৈ বিলাসী জীৱন কটাই থকা ১৯ গৰাকী ACS-APS বিষয়াই এটা নিশা আৰক্ষী থানাৰ লক-আপত কটালে৷ নিশা সাধাৰণ গোচৰৰ অভিযুক্তই যেনেদৰে লক-আপত থাকিব লগা হয় তেনেদৰেই এটা নিশা পাৰ কৰে৷ কেইবাজনো ACS-APS বিষয়াই চকুলো টুকি নিশা পাৰ কৰিছিল৷ 

উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বহি উত্তীৰ্ণ হোৱা ১৯ ৰাজপত্ৰিত বিষয়াক ১৮ জুলাইত পুনৰ গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে৷ কাহিলিপাৰাত হস্তাক্ষৰৰ নমুনা সংগ্ৰহৰ বাবে মাতি গ্ৰেপ্তাৰ কৰে বিষয়াসকলক৷ আত্মগোপন তথা পলায়ন কৰাৰ আশংকা কৰিয়েই কাহিলীপাৰাত অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়তে গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে৷

২০১৬ চনত নিযুক্তি লাভ কৰা ১৯ জনকৈ APS-ACS বিষয়াক অৱশেষত গ্ৰেপ্তাৰ কৰিলে ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই৷ বুধবাৰে দুপৰীয়া অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়তে আটাইকেইজনক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা যায়৷ আটাইকেইজনে বুধবাৰে কাহিলিপাৰাৰ অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়ত হস্তাক্ষৰৰ নমুনা প্ৰদান কৰাৰ কিছু সময় পিছতে গ্ৰেপ্তাৰ কৰে৷ 

১৮ জুলাইৰ পুৱাৰে পৰা অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়লৈ একপ্ৰকাৰ লানি লাগে APS-ACSৰ৷ বিলাসী গাড়ীত উঠি আহি লাজ অভিমান কাটি কৰি কাৰ্যালয়ত সোমাই বিষয়াসকলে৷ ডিব্ৰুগড় আৰক্ষীৰ উচ্চ পদস্থ বিষয়া আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উচ্চ পদস্থ বিষয়াই কাৰ্যালয়ৰ এটা কোঠাত এজন এজনকৈ সোধ-পোছ কৰাৰ লগতে হস্তাক্ষৰৰ নমুনা সংগ্ৰহ কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰে৷

গণেশ চন্দ্ৰ দাস, শ্ৰাৱন্তী সেন গুপ্তা, দীক্ষিতা ফুকন আৰু লীনা কৃষ্ণ কাকতি, গুলছন দাউলাগাপু, পল্লবী শৰ্মা, ভাৰ্গৱ ফুকন, সুৰঞ্জীতা হাজৰিকা, উত্পল ভূঞা, বৰ্ণালী দাস, সুখভন দাস, ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তী, মঞ্জুৰ ইলাহী লস্কৰ, মুন মজুমদাৰ, মণিকা টেৰণপী, মোস্তাফা আহমেদ বৰভূঞা, ছাইবুৰ ৰহমান বৰভূঞা, ঋতুৰাজ নেওগ আৰু নিপন কুমাৰ পাঠকক চমন জাৰি কৰে অসম আৰক্ষীয়ে৷ ইয়াৰে কেইবাগৰাকী অসমৰ বৰ্তমানৰ চৰকাৰৰ মন্ত্ৰী-বিধায়কৰ সৈতে ভাল সম্পৰ্ক থকা প্ৰভাৱশালী পৰিয়ালৰ সন্তানো আছে৷ ইমানে তেজপুৰৰ বহুবল্কী সাংসদ আৰপি শৰ্মাৰ কন্যা পল্লবী শৰ্মাক কাহিলিপাৰাত গ্ৰেপ্তাৰ কৰে৷

২০১৬ বৰ্ষৰ ACS-APSৰ বিৰুদ্ধে এইবাৰ অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে৷ ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই ১৯গৰাকী ACS-APSক চমন জাৰি কৰিছিল যোৱা যোৱা ১০ জুলাইৰ পৰা৷ অসম লোকসেৱা আয়োগে ২০১৬ চনত পৰীক্ষা অনুষ্ঠিত কৰি ৰাজপত্ৰিত বিষয়া হিচাপে নিয়োগ কৰিছিল বিষয়াকেইজনক৷ উক্ত সময়ত অসম লোকসেৱা আয়োগেৰ অধ্যক্ষ আছিল ৰাকেশ পাল৷ আৰক্ষীৰ বিশেষ শাখা আৰু ডিব্ৰুগড় আৰক্ষীৰ অধীক্ষকৰ কাৰ্যালয়ে অহা ১৮ জুলাইত কাহিলিপাৰাৰ অসম আৰক্ষীৰ বিশেষ শাখাত আটাইকেইজন বিষয়াক উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল৷