গুৱাটেমালাঃ আমেৰিকাৰ গুৱাটেমালা চহৰত এখন মহিলা অনাথালয়ত বুধবাৰে হোৱা এক ভয়াবহ অগ্নিকাণ্ডৰ ফলত ১৯ গৰাকী যুৱতীৰ মৃত্যুমুখত পৰে।

শোকাৱহ ঘটনাটোত ২৫ জন লোক আহত হয়৷ নিহত যুৱতীসকলৰ বয়স ১৪ ৰপৰা ১৭ বছৰ আছিল৷ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে ১৯ টা মৃতদেহ উদ্ধাৰ কৰে৷ আৰক্ষীয়ে ঘটনাসন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে৷